নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় বৈদ্যুতিন–তথ্য প্রযুক্তি প্রতিষ্ঠানত ৪৯৫ পদত মকৰল

ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য–প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ নেচনেল ইনফৰমেটিক্স চেণ্টাৰত খালী হৈছে ৪৯৫ পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য মতে উক্ত খালী পদসমূহ ৰাষ্ট্রীয় বৈদ্যুতিন আৰু তথ্য–প্রযুক্তি প্রতিষ্ঠানৰ অধীনত পূৰণ কৰা হ’ব৷ ছাইটিষ্ট–‘বি’ৰ ২৮৮ পদৰ ভিতৰত ১১৯টা অসংৰক্ষিত, এছ চিৰ ৪৩, এছ টিৰ ২১, অ’বিচিৰ ৭৭ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ শিতানত ২৮টা পদ সংৰক্ষিত থাকিব৷ আনহাতে ছাইণ্টিফিক/টেকনিকেল এছিছটেণ্ট–‘এ’ৰ ২০৭ পদৰ ভিতৰত ৮৬টা অসংৰক্ষিত, এছ চিৰ ৩১, এছ টিৰ ১৫, অ’বিচিৰ ৫৫ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ শিতানত ২০টা পদ সংৰক্ষিত থাকিব৷ ছাইণ্টিষ্ট ‘বি’ পদৰ প্রার্থী ইঞ্জিনীয়াৰিং/টেকন’লজী/ইলেক্ট্রনিক্স এণ্ড এক্রিডিয়েচন অৱ কম্পিউটাৰ ক’র্ছেছ বিষয়ত স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ আনহাতে ছাইণ্টিফিক/টেকনিকেল এছিছটেণ্ট পদৰ প্রার্থী এম এছ চি/এম এ/এম চি এ/বি ই/বি টেক ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ক্রমে ৫৬,১০০–১,৭৭,৫০০ টকা আৰু ৩৫,৪০০–১,১২,৪০০ টকা৷ বয়স ২৬ মার্চ ২০২০লৈ সর্বোচ্চ ৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৮০০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছচি, এছটি, দিব্যাংগ আৰু মহিলা প্রার্থীয়ে কোনো ধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতাকে ধৰি অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://www.calicut.nielit.in/nic লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ মার্চ ২০২০৷

You might also like