নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মিজোৰাম সীমান্তত উত্তেজনা, দুৰ্বৃত্তই বিস্ফোৰণ ঘটাই ধ্বংস কৰিলে বিদ্যালয়

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ অসম-মিজোৰাম সীমান্তত উত্তেজনা। নিশা দুৰ্বৃত্তই বিস্ফোৰণ ঘটালে এখন বিদ্যালয়ত। লাইলাপুৰত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণত ধ্বংস হয় আপাৰ পাইন’ম এল পি স্কুল। ইয়াৰ উপৰিও মিজো দুৰ্বৃত্তই আন এখন বিদ্যালয় ধ্বংস কৰিছিল আন এখন বিদ্যালয়।

ঘটনাস্থলীত উপস্থিত হৈছে উপায়ুক্তসহ আৰক্ষী অধীক্ষক। শুকুৰবাৰে বিয়লি লাইলাপুৰত সংঘটিত হৈছিল আন এক আক্ৰমণৰ ঘটনা। ইয়াৰ প্ৰতিবাদত বৰাক উপত্যাকা বন্ধ ঘোষণা বিভিন্ন দল-সংগঠনৰ। সেনাৰ কেম্প নিৰ্মাণতো বাধা দিছিল মিজো লোকে। অসমৰ অধিক মাটি দখল কৰি থকাৰ অভিযোগ।

You might also like