নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰাম ভ্রমণ নকৰিবলৈ অসমবাসীক পৰামর্শ গৃহ বিভাগৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ অসম–মিজোৰাম সীমান্তত সংঘটিত শেহতীয়া ঘটনাৱলীৰ পৰিপ্রেক্ষিতত অসমৰ লোকসকলক মিজোৰাম ভ্রমণ নকৰিবলৈ পৰামর্শ প্রদান কৰিছে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক পৰিক্রমা বিভাগে৷

বৃহস্পতিবাৰে বিভাগটোৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননে জাৰি কৰা এক নির্দেশনা অনুসৰি ৰাজ্যৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে এই ভ্রমণ সন্দর্ভত পৰামর্শ প্রদান কৰা হৈছে৷ একে সময়তে মিজোৰামত বাস কৰা অসমৰ লোকসকলকো সম্পূর্ণৰূপে সতর্কতা অৱলম্বন কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগে আহ্বান জনাইছে৷

তৎকালীনভাৱে ৰাজ্য চৰকাৰৰ এই নির্দেশনা বাহাল কৰা হৈছে৷ এই সন্দর্ভত প্রদান কৰা নির্দেশনাত উল্লেখ কৰা অনুসৰি লাইলাপুৰত সংঘটিত ঘটনাৰ পাছত একাংশ মিজো নাগৰিক সমিতি, ছাত্র আৰু যুৱ সংগঠনে ধাৰাবাহিকভাৱে অসম আৰু অসমবাসীৰ বিৰুদ্ধে কেতবোৰ উচটনিমূলক মন্তব্য প্রদান কৰি আহিছে৷

তদুপৰি মিজোৰামৰ বহুসংখ্যক নাগৰিকৰ হাতত স্বয়ংক্রিয় অস্ত্র–শস্ত্র থকা ভিডিঅ’ লাভ কৰিছে অসম আৰক্ষীয়ে৷ এনে পৰিস্থিতিত অসমবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক পৰিক্রমা বিভাগে ভ্রমণ সতর্কতা জাৰি কৰিছে৷

You might also like