নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ তৃতীয় জোৱাৰৰে যুঁজিবলৈ দ্রুত কৰিব লাগিব ভেকচিন প্রদান প্রক্রিয়া

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: উত্তৰ–পূর্বাঞ্চলৰ অসমসহ ৮ ৰাজ্যৰ কেইবাখনো জিলাত ক’ভিড সংক্রমণৰ হাৰ হ্রাস নোপোৱাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ শীঘ্রে ক’ভিডৰ সংক্রমণ হ্রাস কৰাৰ বাবে গ্রহণ কৰিবলগীয়া পদক্ষেপ আৰু সাম্প্রতিক পৰিস্থিতিৰ মঙলবাৰে বুজ লয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৮খন ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিংযোগে এক বৈঠকত মিলিত হৈ তেওঁ উত্তৰ–পূর্বাঞ্চলৰ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ এই বৈঠকতে প্রধানমন্ত্রীয়ে ক’ভিডৰ তৃতীয় ঢ়ৌ কিদৰে প্রতিৰোধ কৰিব পৰা যায়, তাক লৈ চিন্তা কৰা উচিত বুলি উল্লেখ কৰি তেওঁ পৰীক্ষা আৰু চিকিৎসাৰ সৈতে জড়িত আন্তঃগাঁথনি বৃদ্ধি কৰি আগবাঢ়িব লাগিব বুলি উল্লেখ কৰে৷

ইয়াৰ বাবে শেহতীয়াকৈ কেন্দ্রীয় কেবিনেটে ২৩ হাজাৰ কোটি টকাৰ এটা নতুন পেকেজ আবণ্টন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহেও এই পেকেজৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্রত সহায় লাভ কৰিব৷ যিসমূহ স্থানত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই আছে, সেই অঞ্চলসমূহত তৎকালীনভাৱে আইচিইউ বিছনাৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্রত সহায় লাভ কৰিব৷ বিশেষকৈ অক্সিজেন আৰু শিশুসকলৰ চিকিৎসাৰ সৈতে জড়িত আন্তঃগাঁথনি নির্মাণৰ বাবে আমি ক্ষিপ্রতাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ পিএম কেয়াৰ পুঁজিৰ অধীনত দেশজুৰি কেইবাশ নতুন অক্সিজেন প্লাণ্ট স্থাপন কৰা হ’ব৷ এইক্ষেত্রত উত্তৰ–পূর্বাঞ্চলৰ মুখ্যমন্ত্রীসকলে যিধৰণে ব্যৱস্থা গ্রহণ কৰিছে, তাক লৈ মই সন্তুষ্ট৷ উত্তৰ–পূর্বাঞ্চলত প্রায় ডেৰশ অক্সিজেন প্লাণ্ট স্থাপন কৰা হ’ব৷ এই অক্সিজেন প্লাণ্টসমূহ স্থাপনৰ কাম শীঘ্রে সমাপ্ত কৰিবলৈ আপোনালোকে ব্যৱস্থা গ্রহণ কৰক৷ ইয়াৰ বাবে প্রয়োজনীয় দক্ষতাসম্পন্ন বিষয়ববীয়া আৰু কর্মচাৰী আপোনালোকে নিয়োজিত কৰক, যাতে পৰৱর্তী সময়ত কোনো অসুবিধাৰ সৃষ্টি নহয়৷ উত্তৰ–পূর্বাঞ্চলৰ ভৌগোলিক স্থিতিৰ প্রতি লক্ষ্য ৰাখি অস্থায়ী হাস্পতাল নির্মাণ কৰাৰ প্রয়োজনীয়তা আছে৷ নতুনকৈ স্থাপন কৰা অক্সিজেন প্লাণ্ট, অক্সিজেন বিছনা, আইচিইউ বিছনা, নতুন মেচিন আদি যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে, তাৰ বাবে প্রশিক্ষিত কর্মচাৰীৰ প্রয়োজন হ’ব৷ ইয়াৰ বাবে প্রয়োজনীয় সকলো সহায় কেন্দ্রীয় চৰকাৰে আগবঢ়াব৷’

ইফালে, ভেকচিন প্রদান প্রক্রিয়া সন্দর্ভত উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ সকলোকে বিনামূলীয়া ভেকচিন আঁচনিৰ উত্তৰ–পূর্বাঞ্চলতো সমানে গুৰুত্ব আছে৷ ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজ কৰিবলৈ ভেকচিন প্রদান প্রক্রিয়া দ্রুত কৰিব লাগিব৷ ভেকচিন সম্পর্কীয় ভুল ধাৰণা দূৰ কৰাৰ বাবে সামাজিক, সাংস্কৃতিক, ধার্মিক, শৈক্ষিক আদি ক্ষেত্রৰ চেলিব্রিটীসকলক জড়িত কৰিব লাগিব৷ এওঁলোকৰ জৰিয়তে সজাগতা সৃষ্টিৰে ভেকচিন প্রদান অভিযান অধিক সবল কৰি তুলিব লাগিব৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যত ভেকচিন প্রদানৰ যথেষ্ট উল্লেখনীয় কাম হৈছে৷ যিসমূহ স্থানত ক’ৰোনাৰ সংক্রমণ অধিক হোৱাৰ আশংকা কৰা হৈছে, সেই স্থানসমূহত ভেকচিন প্রদানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷

হিল ষ্টেচন, বজাৰ আদিত ক’ভিড প্রট’কল ভংগ কৰি একাংশ লোকে মুক্তভাৱে বিচৰণ কৰা কার্যত উদ্বিগ্ণতা প্রকাশ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– ‘কিছুসংখ্যক লোকে ক’ৰোনাৰ তৃতীয় ঢৌ অহাৰ পূর্বে উপভোগ কৰিব বিচাৰে বুলি প্রকাশ কৰি আহিছে৷ কিন্তু নাগৰিকসকলে এটা কথা বুজা উচিত যে তৃতীয় ঢৌ নিজে নিজে নাহে৷ কেতিয়াবা কিছুসংখ্যক ব্যক্তিয়ে প্রশ্ণ কৰে যে তৃতীয় ঢৌৰ বাবে কিধৰণৰ প্রস্তুতি কৰা হৈছে? তৃতীয় ঢৌৰ বাবে আপুনি কি কৰিব? কিন্তু আজি আমাৰ মনত এই প্রশ্ণটোহে হোৱা উচিত যে তৃতীয় ঢৌ অহাৰ পূর্বেই তাক কিদৰে প্রতিৰোধ কৰিব পৰা যায়৷ ক’ৰোনা নিজে নিজে অহা ৰোগ নহয়৷ সেয়েহে ইয়াৰ বাবে আমি অত্যন্ত সাৱধান হ’ব লাগিব৷ তেতিয়াহে তৃতীয় ঢৌ প্রতিৰোধ কৰিব পাৰিম৷ তৃতীয় ঢ়ৌ অহাৰ পিছত কি কৰা হ’ব, সেইটো এটা সুকীয়া বিষয়৷ কিন্তু তৃতীয় ঢৌ প্রতিৰোধৰ বাবে সজাগ–সচেতন হোৱা, ক’ভিড প্রট’কল পালন কৰা উচিত৷’ প্রধানমন্ত্রীগৰাকীয়ে এই বৈঠকতে অধিক সংক্রমিত হোৱা জিলাসমূহত ক’ভিড পৰীক্ষাৰ আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷ সম্প্রতি দেশত ২০ লাখতকৈও অধিক পৰীক্ষা প্রতিদিনে কৰাৰ ক্ষমতা আছে বুলিও তেওঁ উল্লেখ কৰে৷ প্রধানমন্ত্রীগৰাকীয়ে সংক্রমণ প্রতিৰোধৰ বাবে মাইক্র’ কণ্টেইনমেণ্ট জ’নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷ এই বৈঠকত উপস্থিত থকা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পৰীক্ষা চিনাক্তকৰণ আৰু ভেকচিন প্রদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ কেন্দ্রীয় স্বাস্থ্য সচিবে দেশৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ অত্যধিক সংক্রমিত জিলাসমূহৰ বিষয়ে উল্লেখ কৰে৷ অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, ছিকিম, ত্রিপুৰা, নাগালেণ্ডৰ মুখ্যমন্ত্রীসকলে নিজৰ নিজৰ ৰাজ্যৰ সাম্প্রতিক ক’ভিড পৰিস্থিতি সন্দর্ভত প্রধানমন্ত্রীক অৱগত কৰে৷

You might also like