নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৭.৫৪ লাখ টকাতকৈও অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: ৰে’লত নিষিদ্ধ/অবৈধ সামগ্ৰী পৰিবহনৰ বিৰুদ্ধে অবিৰত যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ ৩০ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰৰ ভিতৰত ৭.৫৪ লাখ টকাৰ অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিষিদ্ধ/অবৈধ সামগ্ৰীসমূহ, বিশেষকৈ গাঞ্জা আৰু সুৰা, যিবোৰ উঃ পূঃ সীমান্ত ৰেলৱেৰ বিভিন্ন ষ্টেচন পৰিসৰ, ৰেলত আৰু ৰেল চলাচলৰ সময়ত নিয়মীয়া পৰীক্ষণৰ সময়ত গৰাকীবিহীন মোনাৰ পৰা উদ্ধাৰ কৰা হয়।

এনে এটি ঘটনাৰ সন্দৰ্ভত বিগত ১ ছেপ্টেম্বৰ তাৰিখে সংঘটিত এক ঘটনাত, লামডিঙৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে লামডিং ৰেল ষ্টেচনত ১৩১৭৪ ডাউন (কাঞ্চনজংঘা এক্সপ্ৰেছ) ৰেলখনত এক পৰীক্ষণ অভিযান চলায়। অভিযানৰ সময়ত,তেওঁলোকে এটা ডবাৰ পৰা ০১ টা গৰাকীবিহীন মোনা জব্দ কৰে আৰু উক্ত ৰেলখনৰ পৰা প্ৰায় ৩ লাখ টকা মূল্যৰ ৩০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। উদ্ধাৰ কৰা মোনাটো পিছত পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অ’চি/জিআৰপি/লামডিঙৰ হাতত অৰ্পন কৰা হয়।

উল্লেখ্য যে, বিগত ৩০/৩১ আগষ্ট তাৰিখে আৰপিএফ/ৰঙিয়াৰ চিআইবি দলে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ১৯ হাজাৰ টকাৰো অধিক মূল্যৰ ০৪ টা গৰাকীবিহীন মোনাৰ পৰা ৫৪ বটল অবৈধ সুৰা চিনাক্ত কৰি জব্দ কৰে। মোনাকেইটা প্লেটফৰ্ম নং ৪ আৰু ৫- ৰ কংক্ৰিট বেঞ্চৰ তলত ৰখা হৈছিল। উদ্ধাৰ হোৱা মোনাকেইটা পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে বঙাইগাঁও আবকাৰী পৰিদৰ্শকৰ হাতত অৰ্পন কৰা হয়।

আনহাতে, চলিত বৰ্ষৰ ৩০ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰৰ ভিতৰত, উঃ পূঃ সীঃ ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে আগৰতলা, জিৰানিয়া, নিউ জলপাইগুড়ী, লামডিং, আলিপুৰদুৱাৰ আৰু নিউ বঙাইগাওঁ ষ্টেচনত চলোৱা বিভিন্ন পৰীক্ষণ আৰু অভিযানৰ সময়ত প্ৰায় ৭.৩০ লাখ টকা মূল্যৰ গাঞ্জা আৰু ২৪ হাজাৰ টকা মূল্যতকৈয়ো অধিক মূল্যৰ সুৰাৰ নিষিদ্ধ/অবৈধ সামগ্ৰী উদ্ধাৰ কৰে।

লগতে উল্লেখ কৰিব পাৰি যে উঃ পূঃ সীঃ ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে এই ৰেলৱেৰ বিভিন্ন ৰে’ল ষ্টেচন আৰু ৰেলত নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় আৰু পৰিবহন সম্পৰ্কীয় গতিবিধিৰ প্ৰতি অবিৰত সতৰ্ক হৈ আহিছে যাতে ৰেলযাত্ৰা সুৰক্ষিত আৰু শান্তিপূৰ্ণ হয়।

You might also like