নিয়মীয়া বাৰ্তা,২৭ জানুৱাৰী : দেশৰ গৃহ মন্ত্ৰনালয়ে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ পদ্ম বঁটা বিজয়ীৰ নাম। মুঠ ৬ গৰাকী ব্যক্তিলৈ পদ্ম বিভূষণ,৯ গৰাকীলৈ পদ্মভূষণ আৰু সৰ্বমুঠ ৯১ গৰাকীলৈ পদ্মশ্ৰী সন্মান ঘোষণা কৰা হয়। ইয়াৰ মাজতে অসমৰ তিনিগৰাকীয়ে লাভ কৰে পদ্মশ্ৰী সন্মান। সন্মানপ্ৰাপক কেইগৰাকী হৈছে শিপিনী হেমপ্ৰভা চুতীয়া,মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী আৰু সমাজকৰ্মী ৰাম কুইৱাংবে জেনি। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ১২ গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
You might also like