নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গোৱাৰে যুঁজিব নর্থ–ইষ্ট ইউনাইটেডে

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে চলিত হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত আজি গোৱাৰে যুঁজিব৷

গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগীয়া মেচখনত ঘৰুৱা দলটোৰ বিপক্ষে আত্মবিশ্বাসী নর্থ–ইষ্ট৷ আজিৰ মেচ সন্দর্ভত নর্থ–ইষ্টৰ প্রশিক্ষক ৰবার্ট জার্নিয়ে কয় আমি ৯খন মেচ খেলিবলৈ বাকী আছে৷

আমাৰ লক্ষ্য হ’ব এই মেচকেইখনৰ অধিক মেচত জয়লাভ কৰা৷ গোৱা দল শক্তিশালী, কিন্তু আমিও আত্মবিশ্বাসী৷ দল মানসিকভাৱে শক্তিশালী হৈ আছে আৰু আমি কাইলৈৰ মেচলৈ সাজু৷ উল্লেখ্য যে নর্থ–ইষ্টে এতিয়ালৈকে ৯খন মেচৰ পৰা ১১ পইণ্ট অর্জন কৰি আছে৷

খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা

You might also like