নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“আছু নহয়, কংগ্রেছীয়ে জ্বলাইছিল মোৰ ঘৰ”-ৰামেশ্বৰ তেলী

ৰঙাপৰাত ৰাজেন বৰঠাকুৰৰ গৃহত মন্ত্রী ৰামেশ্বৰ তেলীৰ বিস্ফোৰক অভিযোগ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ “সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত মোৰ ঘৰ জ্বলোৱা লোকসকল কংগ্রেছী আছিল৷ আছুৰ লোক এই কার্যত জড়িত নাছিল৷”- বুধবাৰে তেজপুৰত এই গুৰুত্বপূর্ণ মন্তব্য কৰে কেন্দ্রীয় চৰকাৰৰ খাদ্য প্রস্তুতকৰণ বিভাগৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে৷

উল্লেখ্য যে ৰঙাপৰাৰ সদ্যপ্রয়াত বিধায়ক ৰাজেন বৰঠাকুৰৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰাৰ পিছত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে তেজপুৰ আৱর্ত ভৱনত সাংবাদিকৰ সৈতে মিলিত হয়৷ কেন্দ্রীয় মন্ত্রী তেলীয়ে কয় যে অসমৰ ৰাইজ তথা দল–সংগঠনে ভবাৰ দৰে তেনে শংকাৰ কোনো কাৰণ নাই৷ ‘কা’ৰ অধীনত বাংলাদেশৰ পৰা কোনো নতুন মানুহ নাহে বুলি দাবী কৰি তেওঁ কয় যে ৯ বাৰকৈ সংশোধন হোৱা এই আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত অহা লোকসকলে নাগৰিকত্ব পাব৷

ৰাজ্যখনত হিন্দু বাংলাদেশীৰ সংখ্যা কিমান আছে বুলি সোধা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে অজ্ঞতা প্রকাশ কৰি কয় যে গুজৰাট ৰাজ্যত ৪০ লাখ লোকে এই আইনৰ অধীনত নাগৰিকত্ব পাব, কিন্তু অসমত নাগৰিকত্বৰ বাবে আবেদনৰ লগে লগে ৰাজ্যখনৰ সঠিক হিন্দু বাংলাদেশীৰ তথ্য ওলাই পৰিব৷ ঝাৰখণ্ডত বিজেপিয়ে মুখথেকেচা খোৱা সন্দর্ভত মন্ত্রীগৰাকীয়ে ৰাজ্যখনত কংগ্রেছতকৈ বিজেপিয়ে অধিক আসন লাভ কৰা বুলি কৌশলপূর্ণ মন্তব্য কৰে৷

You might also like