নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰোগ্য নিধিলৈ বেজেৰাৰ মিহিৰ চন্দ্ৰ ডেকাৰ ৫০,০০০ টকা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ সম্প্ৰতি ক’ৰোনাৰ বিপক্ষে যুঁ‌জিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনত স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ । তেনে সময়তে অসমতো লক ডাউনৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হোৱাৰ লগতে ক’ৰোনাৰ বিপক্ষে সষ্টম হৈ উঠিছে ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগ । বিশেষকৈ অসমতো ক’ৰোনা আক্ৰান্ত ৰোগী বৃদ্ধি হোৱাৰ লগে লগে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যুদ্ধংদেহী ৰূপত আৰম্ভ কৰিছে চিকিৎসা ব্যৱস্থা । অৱশ্যে চিকিৎসালয় নিৰ্মাণৰ লগতে চিকিৎসাৰ সকলো ব্যৱস্থা সুচাৰুৰূপে চলাই নিয়াৰ স্বাৰ্থতে ৰাজ্য চৰকাৰে ৰাইজৰ পৰা অসম আৰোগ্য নিধিৰ জৰিয়তে বিচাৰিছে সাহাৰ্য পুঁ‌জি। উক্ত সাহাৰ্য্য পুঁ‌জিলৈ ভিন্নজনৰ দৰে কামৰূপৰ ডোৰাকঁ‌হৰাস্থিত নিজৰা চাৰ্ভিছ ষ্টেচন পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰ তথা বিশিষ্ট ব্যৱসায়ী বেজেৰাৰ নিবাসী মিহিৰ চন্দ্ৰ ডেকাইও প্ৰদান কৰিলে পঞ্চাশ হাজাৰ টকা ।

You might also like