নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ ধন আত্মসাৎ; পাঁচ সদস্যৰ ঘৰত চিআইডিৰ অভিযান

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ শক্তিপীঠ কামাখ্যা দেৱালয়ত সংঘটিত বিত্তীয় কেলেংকাৰিৰ গোচৰত অপৰাধ অনুসন্ধান শাখাৰ দলে বুধবাৰে কামাখ্যা দেৱালয়ৰ দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন সদস্য ধীৰাজ শৰ্মা, মোহিত শৰ্মা, জগদীশ ভাণ্ডাৰ কায়স্থ, শৈলেন শৰ্মা আৰু বুবুল শৰ্মাৰ ঘৰত তালাচী চলায় ।

বুধবাৰে দুপৰীয়াই চি আই ডিৰ দলে নীলাচল পাহাৰত উপস্থিত হৈ দেৱোত্তৰ ব’ডৰ প্রাক্তন সদস্যকেইজনৰ ঘৰত তন্ন তন্নকৈ তালাচী চলায়৷ চি আই ডিৰ এক সূত্রই জনোৱা মতে, কামাখ্যাৰ দেৱোত্তৰ ব’ডৰ প্রাক্তন সদস্যকেইজনৰ ঘৰত বিত্তীয় কেলেংকাৰিৰ নথি–পত্রৰ সন্ধান কৰে৷

উল্লেখ্য যে ভক্তৰ দান–বৰঙণিৰ পৰা লাভ কৰা ধনৰ ৭.৬২ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি দেৱোত্তৰ ব’ডৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল৷ এই অভিযোগ দলৈ সমাজে উত্থাপন কৰি পৰৱর্তী সময়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ উচ্চতম ন্যায়ালয়ে ঘটনাৰ তদন্ত কৰি তিনি মাহৰ ভিতৰত তদন্তৰ প্রতিবেদন দাখিল কৰিবলৈ চি আই ডিক নির্দেশ দিছিল৷ এই নির্দেশৰ ভিত্তিত চি আই ডিয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ সেইমর্মে চি আই ডিৰ দলে আজি নীলাচল পাহাৰত উপস্থিত হৈ দেৱোত্তৰ ব’ডৰ প্রাক্তন সদস্যকেইজনৰ ঘৰত তালাচী চলাই কেতবোৰ নথি–পত্র জব্দ কৰে৷ উল্লেখ্য যে যোৱা ১৯ ফেব্রুৱাৰীতো দেৱোত্তৰ ব’ডৰ প্রাক্তন সম্পাদক বিষ্ণুপ্রসাদ শর্মাৰ বাসগৃহত তালাচী চলাই বহু গুৰুত্বপূর্ণ নথি–পত্র জব্দ কৰিছিল৷ দলৈ সমাজে অভিযোগ কৰা অনুসৰি, শর্মা দেৱোত্তৰ ব’ডৰ সম্পাদক হৈ থকাৰ সময়ত ব’ডৰ বেংকৰ দুটা একাউণ্টৰ পৰা ৭.৬২ কোটি টকা হৰলুকী হৈছিল৷ এই বিত্তীয় কেলেংকাৰি সন্দর্ভত পুনৰ চি আই ডিৰ দলে ব’ডৰ পাঁচজন সদস্যৰ বাসগৃহত তালাচী চলায়৷

You might also like