নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱত কপিকুলৰ সন্ত্রাস

কেটেপা লৈ, মুখা পিন্ধি পথাৰত পহৰা দিছে গৃহস্থই

নিয়মীয়া বার্তা, ২৯ নৱেম্বৰঃ দেৰগাঁৱত চলিছে এতিয়া কপিকুলৰ ভয়ানক সন্ত্রাস ৷ এই প্রাণীবিধৰ অত্যাচাৰত জীয়াতু ভুগিছে বৃহত্তৰ দেৰগাঁও, মিছামৰা, ঢ়েকিয়াল, গুৰযোগনীয়া, কাকডোঙা, ৰঙামাটি আদি অঞ্চলৰ কৃষক আৰু সর্বসাধাৰণ ৰাইজে ৷ বহু অঞ্চলৰ কৃষি পথাৰ, বাৰী–ঘৰৰ ধান–কুঁহিয়াৰ, শাক–পাচলি একোকে কৰিব নোৱাৰা অৱস্থা হৈছে ৷ ইপিনে পথাৰৰ সোণালী ধান ৰক্ষা কৰিবৰ বাবেও নেটেৰে বেৰা দিব লগা হৈছে কৃষকে ৷ আনকি বহু কৃষকে বছৰটোৰ কষ্টৰ ফচল ৰক্ষা কৰিবৰ বাবে হাতত কেটেপা লৈ আৰু মুখা পিন্ধি পহৰা দিব লগা হৈছে ৷ কেবল সিমানেই নহয় বহু স্থানত বান্দৰৰ আক্রমণৰ শংকাত মহিলা আৰু শিশু অকলশৰে ঘৰৰ পৰা ওলাবলৈও ভয় কৰা হৈছে ৷ ইতিমধ্যে বান্দৰৰ আক্রমণৰ কেইবাটাও ঘটনা ঘটিছে ৷ ঘৰৰ ভিতৰত ৰন্ধা খাদ্যসামগ্রীও বান্দৰে উঠাই নিয়া দেখা হৈছে ৷ প্রকাণ্ড প্রকাণ্ড মলুৱাৰ জাপত বহু ঘৰৰ টিঙৰ চালি নষ্ট হৈছে ৷ অঞ্চলটোৰ বর্ধিত বান্দৰৰ সংখ্যা হ্রাস আৰু ইয়াৰ উপদ্রৱৰ পৰা পৰিত্রাণ বিচাৰি ২০১৪ চনৰে পৰাই দীর্ঘদিন চলি আহিছে আন্দোলন আৰু তীব্র প্রতিবাদ ৷ বন বিভাগৰ কার্যালয়, আৰক্ষী থানা আদিও অৱৰোধ কৰি বহুবাৰ প্রতিবাদ সাব্যস্ত কৰি অহা হৈছে যদিও এইপর্যন্ত কোনো ধৰণৰ সুফল লাভ কৰিব পৰা নাই দেৰগাঁও আৰু মিছামৰাবাসীয়ে ৷ উপায়বিহীন ৰাইজে গোলাঘাটৰ বন বিষয়াৰ উপস্থিতিত অলপতে এখন ৰাজহুৱা সভা মিছামৰাত অনুষ্ঠিত কৰি বান্দৰৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে ৷

You might also like