নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃশংস! এটি ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত সঘনে সংঘটিত হৈছে অপৰাধমূলক ঘটনা। হোজাইৰ পূৱ নন্দপুৰত সংঘটিত হৈছে গাৰ নোম শিঁয়ৰি উঠা ঘটনা। এগৰাকী ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিলে এটা পাষণ্ডই।

             ঘটনা অনুসৰি অঞ্চলটোৰ বিক্ৰম হৰিজন ওৰফে চন্দন নামৰ যুৱকজনে বগৰী খুৱাম বুলি ফুচুলাই নিয়ে শিশুটিক। তাৰপিছৰে পৰা সন্ধানহীন হৈ আছিল শিশুটি। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও শিশুটিৰ সন্ধান নাপালে। কিন্তু আজি বিয়লি গাঁওখনৰে এখন বাঁহনিত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।

         শিশুটিক মৃতদেহ উদ্ধাৰৰ পিছতেই স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে। যিহেতু বুধবাৰে চন্দন নামৰ যুৱকজনৰ সৈতে শিশুটিক প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে সেয়েহে এই ঘটনাটো চন্দনে সংঘটিত কৰা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত চন্দনক। দোষী উপযুক্ত শাস্তি দিয়াৰ উপৰিও ফাঁচি দাবী তোলে স্থানীয় ৰাইজে।

You might also like