বানত গহপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিস্তৰ ক্ষতিসাধন; কাৰ্যালয়টো স্থানান্তৰ কৰাৰ আহ্বান
নিয়মীয়া বাৰ্তা,১ জুলাইঃ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা ছত্ৰং আৰু কুকুৰজান নৈৰ প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতিসাধন কৰে গহপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ। যোৱা ২৮ জুনৰ পুৱা বিধ্বংসী ৰূপ ধাৰণ কৰা চত্ৰং আৰু কুকুৰজান নদীৰ বাঢ়নী পানীৰ তীব্ৰ গতি সম্পন্ন স্ৰোতধাৰাই গহপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে সৃষ্টি কৰে পুখুৰি সদৃশ প্ৰকাণ্ড গাঁতৰ। পূৰ্বৰে পৰা জৰাজীৰ্ণ অৱস্থাত থকা কৃষি বিষয়াৰ কাৰ্যালয়টোৰ শেহতীয়া বানে যথেষ্ট ক্ষতিসাধন কৰে। গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদতে লাগি থকা কাৰ্যালয়টোত বৰ্তমান বিষয়া- কৰ্মচাৰী সকলে কৰ্তব্য সম্পাদন কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।
কাৰ্যালয়টোৰ বিভিন্ন কক্ষত থকা কম্পিউটাৰ, আচবাবৰ লগতে বহু সংখ্যক গুৰুত্বপূৰ্ণ নথি- পত্ৰ বানপানীয়ে নষ্ট কৰা পৰিলক্ষিত হৈছে। কৃষকসকলক প্ৰদান কৰিবলৈ কাৰ্যালয়টোৰ ষ্টৰ ৰুমত ৰখা বিভিন্ন বীজ, কীটনাশক দ্ৰব্য আৰু সাৰৰ বস্তা বানৰ পানীত ডুৱ যোৱাৰ ফলত সেই সমূহ ব্যৱহাৰৰ অনুযোগী হৈ পৰাটো নিশ্চিত হৈ পৰিছে। বাঢ়নী পানীৰ স্ৰোতধাৰাই কঢ়িয়াই অনা বোকা আৰু পলসে পুতি পেলোৱাৰ লগতে এক প্ৰকাৰ বিধ্বস্ত হৈ পৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যলয়টো উক্ত স্থানৰ পৰা শীঘ্ৰে নিৰাপদ স্থানান্তৰৰ ব্যৱস্থা নকৰিলে- কিমান দিনলৈকে কাৰ্যালয়টো বন্ধ ৰাখিব লাগিব তাৰ কোনো নিশ্চয়তা নাই। গহপুৰ মহকুমাৰ বান পীড়িত এলেকাৰ কৃষক ৰাইজক বিশেষ ভাবে সহায় কৰাৰ লগতে অন্যান্য কৃষকসকলকো কৃষি বিভাগৰ সুবিধা সমূহ সঠিক ভাবে প্ৰদান কৰিবৰ বাবে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়টো বানৰ কৱলত নপৰা ঠাইলৈ স্থানান্তৰ কৰাটো অতি জৰুৰী হৈ পৰিছে।