নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপলহাত উদ্ভাসিত চন্দ্রযান, দৰঙত বাঁহ–নৰাৰে সাজিলে বাছ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে কামৰূপ জিলাৰ বেজেৰাৰ সমীপৱর্তী বৰপলহাত এতিয়া ভোগালীৰ আনন্দই স্পর্শ কৰিছে৷ বিগত সময়ছোৱাৰ দৰে এইবেলিও অঞ্চলটোৰ ৰাইজে সাজি উলিয়াইছে নৰা আৰু বাঁহেৰে বিভিন্ন আকৃতিৰ ভেলাঘৰ৷ এইবেলি চন্দ্রযানৰ আর্হিত সাজি উলিয়াইছে এটি মেজিগৃহ৷

জাজৰি শিমলুতলত নামঘৰৰ আর্হিত ভেলাঘৰ নির্মাণ

নিয়মীয়া বার্তা, বটদ্রৱাঃ সংশোধিত নাগৰিকত্ব আইনক লৈ সমগ্র ৰাজ্য উত্তাল হৈ থকাৰ মাজতে নগাঁও জিলাৰ ৰাইজে ভোগৰ উৎসৱ ভোগালী বিহুটিক আদৰিবলৈ ব্যাপক প্রস্তুতি চলাইছে৷ বটদ্রৱাৰ সমীপৱর্তী জাজৰি শিমলুতলত নামঘৰৰ আর্হিত নির্মাণ কৰি উলিয়াইছে ভেলাঘৰ৷ ইতিমধ্যে নামঘৰৰ আর্হিত ভেলাঘৰ নির্মাণৰ কাম শেষ কৰি শিমলুতলৰ ৰাইজে তিৱা সংস্কৃতিৰ চাংঘৰ আর্হিত ভেলাঘৰ নির্মাণ কৰিছে৷ জাজৰি শিমলুতলত নামঘৰৰ আর্হিৰ ভেলাঘৰত বিহুৰ দিনা নাম–প্রসংগ কৰি মেজি জ্বলোৱাৰ লগতে ১৭, ১৮, ১৯, ২০ আৰু ২১ জানুৱাৰীত অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছে৷ আনহাতে বটদ্রৱা সমষ্টিৰ কপাহেৰাত ভগৱান শ্রীকৃষ্ণ আৰু অর্জুনৰ ৰথৰ আর্হিত নির্মাণ কৰিছে ভেলাঘৰ৷ আনহাতে বটদ্রৱাৰ নিকটৱর্তী ভেটিয়নী, ভোমোৰাগুৰি, ৰাইদঙীয়া, চকলাঘাট, মাজগাঁও, হাতীচোং–কুঁজীডাঁহ আৰু জাজৰি আদি অঞ্চলতো জাতীয় কৃষ্টি প্রতিফলিত হোৱাকৈ বিভিন্ন আর্হিৰ ভেলাঘৰ নির্মাণ কৰি ভোগালী বিহুটি আদৰিবলৈ প্রস্তুতি চলাইছে৷

দৰঙত বাছৰ আর্হিত ভেলাঘৰ

ষ্টাফ ৰিপ’টাৰ, দৰংঃ ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁ তিনি দিন৷ দৰঙৰ প্রান্তে প্রান্তে ভোগালী বিহুৰ ব্যাপক প্রস্তুতি চলিছে৷ মঙলদৈ মঠঙা গাঁৱৰ ভালুকমাৰী চুবাত নির্মাণ কৰা হৈছে বাণিজ্যিক বাছৰ আর্হিত ভেলাঘৰ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভেলাঘৰটো নির্মাণত ১৮০ডাল বাঁহ ব্যৱহাৰ কৰাৰ লগতে নৰা, খেৰ আৰু চাৰিটা ৰাবাৰৰ টায়াৰ, বাছৰ ষ্টিয়াৰিঙৰ বাবে পেলনীয়া বাইচাইকেলৰ ৰিং ব্যৱহাৰ কৰা হৈছে৷ স্থানীয় ৰাইজে প্রকাশ কৰা অনুযায়ী অহকা আৰু মঠঙা গাঁৱৰ সৰহভাগ লোকেই এই ভেলাঘৰ নির্মাণত সহযোগ কৰিছে আৰু উৰুকাৰ নিশা প্রকাণ্ড দুটা খাহী ছাগলীৰে ভোজভাত খাব৷ আনহাতে ডাঁহীত দুমহলীয়া ভেলাঘৰ নির্মাণ কৰা হৈছে৷ মঙলদৈৰ সমীপৱর্তী আৰেঙত আকৌ নামঘৰৰ আর্হিত দুমহলীয়া ভেলাঘৰ নির্মাণ কৰা হৈছে৷ ভেলাঘৰ নির্মাণত পিছপৰি ৰোৱা নাই ৰঙামাটি, পিপৰাদোকান, আউলাচৌকা, বেজপাৰা, হাউলি, জলজলি, দেওমৰনৈবাসী৷ প্রতিটো ভেলাঘৰতে উৰুকাৰ নিশা ভোজ–ভাতৰ দিহা কৰিছে৷ কিন্তু মঠঙাবাসীৰ বাছৰ আর্হিত ভেলাঘৰ নির্মাণ সম্পর্কত শিল্পী দীপজ্যোতি ডেকাৰ দাবী– ‘কা’বিৰোধী প্রতিবাদত বাছত উঠি আন্দোলন কৰিব যোৱাৰ ধাৰণা দিব বিচাৰি নির্মাণ কৰিছে ভেলাঘৰ৷

You might also like