ভূৰাগাঁৱত নগদ ধন,তীৰৰ বুকসহ তীৰৰ এজেণ্ট আটক
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত তীৰৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান৷আজি আবছলি ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামাৰী পামত আৰক্ষীয়ে অভিযান চলাই নগদ কেইবা হাজাৰ টকাসহ এটা এজেণ্ট গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত তীৰৰ এজেণ্টটোৰ নাম আব্দুল ৰৌফ ।তীৰৰ এজেণ্টটোৰ পৰা আৰক্ষীয়ে নগদ ৬,৭৭০ টকা, এটা ম’বাইল সহ কেইবাখনো তীৰৰ বুক জব্দ কৰে।উল্লেখযোগ্য যে আৰক্ষীৰ কঠোৰ সকীয়নিকো কেৰেপ নকৰি ভূৰাগাঁৱত কেইটামান চক্ৰই অবাধে তীৰৰ ৰমৰমীয়া বেহা চলাই আছে।এনে অৱস্থাত আজি এক গোপন খবৰৰ ভিত্তিত ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰগোঁহাইৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ফলিহামাৰী পামত অভিযান চলাই স্থানীয় এজেণ্ট আব্দুল ৰৌফক আটক কৰিবলৈ সক্ষম হয় যদিও আন এটা এজেণ্ট পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।অৱশ্যে ধৃত তীৰৰ এজেণ্টটোক আৰক্ষীয়ে ভূৰাগাঁও থানাত সোধপোচ অব্যাহত ৰাখিছে।
————–