নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত স্বাধীনতা দিৱস: কুটাঘাতৰ আশংকাত মৰিয়নিত আৰক্ষীৰ নিশ্চিদ্ৰ তালাচী

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ আগন্তুক স্বাধীনতা দিৱসক লৈ সমগ্ৰ ৰাজ্যত উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈ থকাৰ সময়ত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে । স্বাধীনতা দিৱসৰ সময়ৰ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি অথবা কোনো কুটাঘাতমূলক কাৰ্য্য সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি চোকা নজৰ ৰাখিছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে । ইতিমধ্যে মৰিয়নি নগৰৰ একাধিক স্থানত নাকা চকী স্থাপন কৰি প্ৰতিখন বাহনৰেই তালাচী চলাইছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে । উল্লেখযোগ্য যে, মৰিয়নি অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল হোৱা হেতুকে যিকোনো কুটাঘাতমূলক কাৰ্য্যৰ সহজ লক্ষ্য হৈ পৰাৰ আশংকা প্ৰায়েই থাকে । তাৰ পৰিপ্ৰেক্ষিতত মৰিয়নি আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ অধিক স্পৰ্শকাতৰ হৈ পৰে । সম্প্ৰতি জিলা প্ৰশাসনে অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ অসম সীমাত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে নৈশ সান্ধ্য আইনো জাৰি কৰি কুটাঘাত ৰোধৰ চেষ্টা চলাইছে । ইফালে, মৰিয়নি ৰে’ল আৰক্ষী আৰু ৰে’লৱে নিৰাপত্তা বাহিনীয়েও নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিছে । ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষী আৰু ৰে’লৱে নিৰাপ বাহিনীৰ জোৱানে পিয়াপি দি ফুৰিছে । ৰে’লপথতো খোজ কাঢ়ি নিৰাপত্তা প্ৰদান কৰিছে ৰে’লৱে নিৰাপত্তা বাহিনীয়ে ।তাৰোপৰি অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহতো আৰক্ষীৰ নিয়মীয়া টহলৰ ব্যৱস্থা কৰা হৈছে । একেদৰে সীমান্ত নিৰীক্ষণ চকী চমুকৈ বি অ’ পি-ৰ আৰক্ষী বেটেলিয়ানৰ জোৱানসকলকো সষ্টম কৰি ৰখা হৈছে । আনহাতে, মৰিয়নিত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলগীয়া বাপুজী ষ্টেডিয়ামত আৰক্ষীৰ নিৰাপত্তাৰ লগতে কুকুৰ আৰু মেটেল ডিটেক্টৰৰ সহায়ত সমগ্ৰ খেলপথাৰখন তন্ন তন্ন কৈ তালাচী চলোৱা হয় । মৰিয়নি নগৰ বা ইয়াৰ উপকন্ঠ যিকোনো অঞ্চলত সন্দেহজনক বস্তু, মোনা আদিৰ লগতে সন্দেহজনক লোক আদি দেখিলেই আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষীয়ে ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।

দিব্যজ্যোতি শইকীয়া

You might also like