নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত ভোগালী বিহু উপলক্ষে আত্মসহায়ক গোটৰ বিক্ৰী কেন্দ্ৰ মুকলি

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ভোগালী বিহু উপলক্ষে বঙাইগাঁৱৰ চলন্তাপাৰাত আজি বিয়লি অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত আৰু  বইটামাৰী উন্নয়ন খণ্ডৰ সৌজন্যত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুকলি হোৱা কেন্দ্ৰটোত অঞ্চলটোৰ আত্মসহায়ক গোট সমূহৰ দ্বাৰা ঘৰুৱা ভাবে  উৎপাদিত বিভিন্ন সামগ্ৰী উপলব্ধ হ’ব। উত্তৰ শালমাৰা মহকুমাৰ সহকাৰী আয়ুক্ত ক্ৰমে অঞ্জলী কুমাৰী, বিতুমনি চৌধুৰী আৰু দেৱাংগনা আইদেউয়ে  কেন্দ্ৰটো আজি বিয়লি আনুষ্ঠানিক ভাৱে মুকলি কৰে। কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত বইটামাৰী খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, বইটামাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জলী সিদ্ধাৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বইটামাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাসে জনোৱা মতে, ১৩ জানুৱাৰীলৈ চলিব লগা বিক্ৰী কেন্দ্ৰটোত গামোচা, পিঠা, লাড়ু, মাহ কৰাই, তিল, চিৰা, মুৰি, বৰা চাউল, জহা চাউল,নাৰিকল, হাঁহ, মুৰ্গী আদিকে ধৰি ভোগালী বিহুৰ সমূহ উপকৰনৰ লগতে আন আন সামগ্ৰীয়ো সুলভ মূল্যত উপলব্ধ হ’ব ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like