নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ অসমৰ বিজেপি মিত্রজেজাট নেতৃতাধীন চৰকাৰখনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তর্ভুক্ত কৰাৰ পৰিৱর্তে ‘এছকার্ডা ‘আইনৰ লগতে ৰাভা হাছং পৰিপন্থী আইন প্রণয়ন কৰি হাছং এলেকাত থকা গাঁওসমূহ কর্তন কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছয় ৰাভা জাতীয় সংগঠন৷ আজি দুধনৈস্থিত নিখিল ৰাভা ছাত্র সন্থাৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত ছয় ৰাভা জাতীয় সংগঠন ক্রমে নিখিল ৰাভা ছাত্র সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা জাতীয় পৰিষদ আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনে অহা ১৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাভা হাছং এলেকাত অসম চৰকাৰৰ বৈষম্যমূলক আচৰণৰ প্রতিবাদত জনজাগৰণ সভাৰে প্রতিবাদী কার্যসূচী ঘোষণা কৰে৷ আনহাতে অহা নৱেম্বৰ মাহৰ পৰা পর্যায়ক্রমে সর্বাত্মক বন্ধ, অর্থনৈতিক অৱৰোধ, পথ অৱৰোধ, ধর্ণা, জোঁৰ সমদল, গণ সমাৱেশ আৰু অসহযোগ আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলি সংবাদ মেলত ঘোষণা কৰে৷ এই কার্যসূচীসমূহ ৰূপায়ণ কৰাৰ সময়ত যদি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি সংগঠনকেইটাই সকীয়াই দিয়ে৷ সংবাদ মেলত নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি নৃপেন খান্দাই কয়– বিজেপিৰ সৈতে ৰাভা হাছং যৌথ সংগ্রাম সমিতিৰে মিত্রতা থকা সত্ত্বেও ৰাভা জনগোষ্ঠীটোৰ সমস্যা সমাধানত গুৰুত্ব নিদিলে৷ সেয়েহে অহা নির্বাচনৰ আগমুহূর্তত এই মিত্রতা ভংগ কৰাৰো হুংকাৰ দিয়ে৷ আনহাতে যিসকল ৰাভা জনগোষ্ঠীয় লোক বিজেপিত জডিত তেওঁলোকক বিজেপিৰ কাম–কাজৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা গ্রহণ কৰিব বুলিও সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে৷ আনহাতে পৰৱর্তী সময়ত ৰাভা জাতীয় সংগঠনসমূহৰ লগতে যৌথ সংগ্রাম সমিতিয়ে ৰাজনৈতিক সিদ্ধান্ত গ্রহণ কৰিবৰ বাবে ৰাজনৈতিক কোষ গঠন কৰাৰ ইংগিত দিয়ে৷ ইয়াৰ উপৰি ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তর্ভুক্ত কৰিবলৈ অসম চৰকাৰক সজোৰে দাবী জনায়৷ আজি পুৱাৰ ভাগত দুধনৈত উল্লেখিত ছয় ৰাভা জাতীয় সংগঠনৰ মাজত আন্দোলনৰ কার্যসূচী সন্দর্ভত জৰুৰী সভা অনুষ্ঠিত হয়৷ ইপিনে, সংবাদ মেলত নিখিল ৰাভা ছাত্র সন্থাৰ সম্পাদক শ্যামজিত ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্রী হীমা ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক ৰাজকুমাৰ ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহিধৰ ৰাভা, নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোপালকৃষ্ণ ৰাভা উপস্থিত থাকে৷
Prev Post
You might also like