নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গংগা বিলাসৰ যাত্ৰা সামৰি বিমানেৰে ২৮ পৰ্যটকৰ ওভতনি যাত্ৰা

বিশেষ বাৰ্তা, ১ মাৰ্চঃ সুদীৰ্ঘ ৩২০০ কিলোমিটাৰ ৪৭দিনীয়া নৌকাপথ সামৰি আজি বিমানেৰে উৰা মাৰিল ২৮ গৰাকী বিদেশী পৰ্যটক।এম ভি গংগা বিলাস ক্ৰুজৰ দ্বাৰা বাৰাণসীৰ পৰা ৪৭ দিনৰ যাত্ৰাৰ পিছত কালি ডিব্ৰুগড়ত উপস্থিত হোৱা ২৮ জন পৰ্যটক আজি তেওঁলোকৰ পৰৱৰ্তী গন্তব্যস্থানৰ বাবে বিমানেৰে দিল্লীলৈ ৰাওনা হয়। ডিব্ৰুগড় এৰাৰ পূৰ্বে, দলটোৱে আজি ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত মনোহৰী চাহ বাগিচা পৰিদৰ্শন কৰে। তেওঁলোকে চাহ বাগিচাত শ্ৰমিক সকলে চাহ পাত তোলা পৰিবেশ উপভোগ কৰে। কেৱল সিমানেই নহয়, বাগিচাখনৰ কলঘৰ পৰিদৰ্শন কৰি চাহ উৎপাদন কৰা সমগ্ৰ প্ৰক্ৰিয়াটো উপভোগ কৰি আপ্লুত হৈ পৰে।মনোহৰী চাহ বাগিচা কৰ্তৃপক্ষৰ হৈ ৰাজেন লোহিয়াৰ নেতৃত্বত বিদেশী পৰ্যটকৰ প্ৰত্যেকজন সদস্যক ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱা হয়।দলটোৰ উক্ত ভ্ৰমণৰ সময়ছোৱাত সংগ দিছিল ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ আৰু অন্যান্য প্ৰশাসনিক বিষয়াসকলে। পৰ্যটকসকলে ইণ্ডিগো এয়াৰলাইনছৰ দ্বাৰা ডিব্ৰুগড় বিমানবন্দৰ পৰা দিল্লীলৈ ৰাওনা হয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like