নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমবাৰীত অগপৰ সাংগঠনিক সভা

বিশেষ বাৰ্তা ২৬ মেঃ লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতাৰে আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি গুৰুত্বপূৰ্ণ বিষয়ববীয়াসকলৰ সভা অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাই সভাপতিত্ব কৰা সভাত তৃণমূল পয্যায়ত অহা দুমাহৰ ভিতৰত সকলো বুথ সমিতি গঠন সম্পূৰ্ণ কৰি সাংগঠনিক কাঠামো শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰা হয়। সভাই আগন্তুক দুমাহৰ বাবে সাংগঠনিক কৰ্মসূচী গ্ৰহণ কৰে। কলিয়াবৰ, মঙলদৈ, তেজপুৰ, নগাঁও, গুৱাহাটী, কৰিমগঞ্জ, শিলচৰ আৰু বৰপেটা লোকসভা সমষ্টি ভিত্তিত বিশাল কৰ্মকৰ্তা সন্মিলনে দলীয় সদস্যসকলক উৎসাহিত কৰাৰ পিছত ২৯ মে’ত ডিব্ৰুগড় আৰু ৪ জুনত লখিমপুৰ সমষ্টি ভিত্তিত একেধৰণৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অনুৰূপ ধৰণে যোৰহাট, ধুবুৰী, কোকৰাঝাৰ আৰু ডিফু লোকসভা সমষ্টিতো পৰৱৰ্তী সময়ত এনেধৰণৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ’ব। দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, সম্পাদক সকলৰ লগতে প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি আৰু তিনিগৰাকীকৈ বিষয়ববীয়া উপস্থিত থকা এই গুৰুত্বপূৰ্ণ সভাত সভাপতি বৰাই কয় যে, আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে অগপকো সৰ্বস্তৰতে শক্তিশালী কৰিব লাগিব। দলীয় কৰ্মসূচীৰ উপৰি ভাতৃ-ভগ্নী সংগঠনসমূহৰো সুকীয়া সুকীয়া কৰ্মসূচীৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত দলক সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰি ২০২৫ চনত দল ৪০ বছৰীয়া হবলৈ অগ্ৰসৰ হোৱা সময়ত বছৰজোৰা সামাজিক, ৰাজনৈতিক আৰু সাংগঠনিক কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পোষকতা কৰে। দলৰ সংবিধান সংশোধনৰ জৰিয়তে সমসাময়িক ৰাজনীতি অথবা সমাজ ব্যৱস্থাৰ লগত প্ৰাসঙ্গীক হোৱাকৈ দলে নতুন চিন্তাৰে আগবাঢ়িব লাগিব। দলৰ সদস্য বৃদ্ধি, দলক অধিক প্ৰচাৰমুখী কৰাৰ ওপৰতো সভাপতি বৰাই গুৰুত্ব দিয়ে। যিকোনো ৰাজনৈতিক কৌশল অৱলম্বন কৰি হলেও আগন্তুক লোকসভা নিৰ্বাচনত লোকসভাত দলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব লাগিব। ৰাজ্যখনৰ জনসাধাৰণৰ মনৰ চিন্তা দলৰ জৰিয়তে প্ৰতিফলিত কৰিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি সভাপতি বৰাই মন্তব্য কৰে। সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উদ্দেশ্য বাখ্যা কৰা এই সভাত কাৰ্য্যকৰী সভাপতি মহন্তই লোকসভা ভিত্তিত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনে দলক নতুন মাত্ৰা প্ৰদান কৰা বুলি উল্লেখ কৰি সাংগঠনিক শক্তিৰে দলটোক আগবঢ়াই নিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মতপোষণ কৰে। মহন্তই কয় যে, সাংগঠনিক সৱলীকৰণৰ বাবে ভাতৃ-ভগ্নী সংগঠনিকসমূহক শক্তিশালী কৰি বিষয়ববীয়াসকলক সাংগঠনিক কামকাজ সমূহত ক্ষীপ্ৰতাৰে আৰু পূৰ্ণোদ্যমে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

You might also like