নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত এপিএছচি উত্তীৰ্ণক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : হোজাই আজমল আই এ এছ একাডেমীত আজমল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ১৫গৰাকী সদ্যঘোষিত এপিএছচি উত্তীৰ্ণক সম্বৰ্ধনা জনোৱা হয়৷ হোজাইৰ আজমল একাডেমীত সদ্যঘোষিত এপিএছচি উত্তীৰ্ণসকলক আজমল ফাউণ্ডেচনৰ উদ্যোগত আজি বদৰুদ্দিন আজমলে সম্বৰ্ধনা জনায় ৷ হোজাই আজমল আই এ এছ একাডেমীত আজমল ফাউণ্ডেচনৰ উদ্যোগত এপিএছচি উত্তীৰ্ণসকলক সম্বৰ্ধনা জনাই আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমলে বক্তব্য প্ৰদান কৰে ৷ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত প্ৰায় ১৫গৰাকী প্ৰাৰ্থীক অভিনন্দন জনোৱা হয়৷ সদ্যঘোষিত অসম লোকসভা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা কীৰ্তিমানক ফুলাম গামোচা, জাপি, শৰাই আদিৰে সম্বৰ্ধনা জনায় আজমল ফাউণ্ডেচনে ৷ হোজাই আজমল আই এ এছ একাডেমীত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খছৰুল ইছলামে ৷ সভাত আঁত ধৰে অধ্যাপিকা এলিজা দত্তই ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বদৰুদ্দিন আজমল ৷ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খছৰুল ইছলাম, মৰ্কজুল মা আৰিফৰ সভাপতি ড৹ ছামছুল হক চৌধুৰী, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ, সমাজকৰ্মী আনোৱাৰ হুছেইনসহ বহুকেইজন গন্যমান্য ব্যক্তি উপস্থিত আছিল ৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like