নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপেক্স বেংকৰ নগাঁও শাখাত ৭৫ বছৰীয়া জয়ন্তী উদযাপন

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ অসমৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ৭৫ বছৰীয়া জয়ন্তী আজি বেংকটোৰ প্ৰতি শাখাত উদযাপন কৰা হয়। আজি বেংকটোৰ নগাঁও শাখা কাৰ্যালয়ত এই জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত গকুল বৰাই সভাপতিত্ব কৰে। সভাৰ উদ্দেশ্য বাখ্যাত বেংকৰ শাখা পৰিচালক কুমাৰ ৰমেন শইকীয়াই এপেক্স বেংকৰ জন্মলগ্নৰ ইতিহাস দাঙি ধৰি উল্লেখ কৰে যে এপেক্স বেংকে ৰাইজৰ সুবিধাৰ বাবে সেৱা আগবঢ়াই আহিছে‌। ফলত বিভিন্ন দিশৰ পৰা ৰাইজ উপকৃত হৈছে। সভাত কেবাজনো বক্তাই বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাতেই আত্ম সহায়ক গোটৰ মাজত ঋণ বিতৰনকৰা হয়। সভাত নাৰ্বাডৰ- ৰাজু প্ৰনা, এ ডি এম- খুৰশ্বীদ আলমকে ধৰি কেবাজনো বিশিষ্ট লোকৰ লগতে বেংকৰ বিষয়া ,কৰ্মচাৰী অংশীদাৰ আদি উপস্থিত থাকে।বেংকৰ শিলঘাট শাখাতো এই জয়ন্তী উদযাপন কৰা হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like