নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰষাৰাণী বিষয়াক চি পি মচলাৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্তি 

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ অভিনেত্রী বৰষাৰাণী বিষয়াক চিপি মছলাৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে কোম্পানীটোৱে৷ বৰষাৰাণী বিষয়াক উত্তৰ–পূবৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়াত চি পি মচলাৰ গ্রাহক–পণ্য সেৱাৰ সম্পর্ক অধিক শক্তিশালী হোৱাৰ লগতে ব্যৱসায় বৃদ্ধিত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে চি পি মচলাৰ সঞ্চালক মধুৰ মাধৱ আগৰৱালাই৷ আজি এখন সংবাদ মেলত কোম্পানীটোৰ নৱনিযুক্ত ব্রেণ্ড এম্বেছাদৰ অভিনেত্রী বৰষাৰাণী বিষয়াক আদৰণি জনাই চি পি মচলাৰ সঞ্চালক আগৰৱালাই কয় যে উৎকৃষ্ট মান আৰু সোৱাদৰ বাবে গ্রাহকে চি পি মচলাক আদৰি লৈছে৷ চিপি মছলাৰ মূল বৈশিষ্ট্য হৈছে ইয়াত কোনো কৃত্রিম ৰং নাথাকে আৰু প্রাকৃতিক উপাদানেৰে সমৃদ্ধ৷ গোটা মছলাৰ পৰা আৰম্ভ কৰি মিশ্রন মছলালৈকে চি পি মচলাই যিকোনো ব্যঞ্জন সুস্বাদু কৰিব পাৰে৷ চি পি মচলা ব্রেণ্ডত গ্রাহকে পিছা মচলা- হালধি, ধনিয়া, জলকীয়া, ‘মিক্সড’ মচলাৰ ভিতৰত গৰম মচলা, মিট মচলা, ৰাজমা মচলা, ডাল মাখনি মচলা, চাম্বাৰ মচলাৰ লগতে আংগন ব্রেণ্ডিঙৰ সৰিয়হ তেল ক্রয় কৰিব পাৰিব বুলি কোম্পানীৰ সঞ্চালক আগৰৱালাই জানিবলৈ দিয়ে৷ উল্লেখ্য যে চি পি মচলাৰ উৎপাদন গোট আছে গাজিয়াবাদত৷ আনহাতে সংবাদ মেলত অভিনেত্রী বৰষা ৰাণী বিষয়াই কয় যে সামগ্রী উৎপাদন কৰিলেই নহ’ব, উৎকৃষ্ট মান সম্পন্ন আৰু বিশুদ্ধ হ’ব লাগিব৷

You might also like