নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত বজালী জিলা গাঁওপ্ৰধান সমিতি গঠন

নিয়মীয়া বাৰ্তা, ২ জুনঃ বজালী জিলা গাঁওপ্ৰধান সমিতি গঠনৰ উদ্দেশ্য আজি পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷ গাঁওপ্ৰধানসকলৰ ৰাজ্যিক সমিতিৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনত বজালী জিলা সমিতিখন গঠন কৰা হয়৷ সৰুপেটা মৌজাৰ গাঁওপ্ৰধান উৎপল তালুকদাৰৰ সভাপতিত্বত আৰু ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ঘনশ্যাম তালুকদাৰ, সহঃ সম্পাদক হেমেন ডেকা, হিচাপ পৰীক্ষক জয়ন্ত কুমাৰ ভুঞা, ৰাজ্যিক সদস্য সুভাষ ৰয় আৰু বজালী জিলা গাও প্ৰধান সকলৰ উপস্থিত গঠন কৰা সমিতিখনত পৰাগজিৎ চৌধুৰীক সভাপতি, সৰ্বানন্দ দাসক উপ সভাপতি, বনজিৎ পাটগিৰীক সাধাৰণ সম্পাদক আৰু ধনজিৎ পাঠকক সহকাৰী সম্পাদক হিচাপে লৈ ১১জনীয়া বজালী জিলা সমিতিখন গঠন কৰা হয়৷ সমিতিখন গঠনৰ উদ্দেশ্যে অনুষ্ঠিত উক্ত সভাতে গাওঁ প্ৰধান সকলৰ লক্ষ্য, দায়িত্ব আৰু কৰ্তব্যৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়৷ উল্লেখ্য যে গ্ৰামাঞ্চল প্ৰধান ৰাজ্য হিচাপে পৰিচিত অসমত গাওঁ এখনৰ শান্তি শৃংখলা বৰ্তাই ৰখাৰ লগতে গাওঁখনৰ উন্নয়নৰ পৰা আইন শৃংখলালৈ সকলো দিশত প্ৰত্যক্ষভাৱে গাঁওপ্ৰধানসকলক জড়িত কৰি অহা হৈছে৷ গাঁও এখনৰ সামগ্ৰিক উন্নয়নৰ অন্যতম হোতাস্বৰূপ এই গাওঁপ্ৰধানসকলৰ উমৈহতীয়া মঞ্চ হিচাপে আজি গঠন হোৱা বজালী জিলা সমিতিখনে ৰাইজৰ হিতৰ হ’কে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like