নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য : সপ্তম স্থানেৰে উজলিল বজালী বাঘমাৰাৰ প্লাৱিতা

নিয়মীয়া বাৰ্তা, ২২ মে’ : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল বাঘমাৰাৰ শংকৰদেৱ শিশু নিকেতৰ মেধাৱী ছাত্ৰী প্লাৱিতা দাস। ফলাফলত ৭ম স্থান লাভেৰে বাঘমাৰাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী, বজালীৰ শুকিলাপাৰ গাঁbৰ নিপন দাস আৰু মিনু দাসৰ কন্যা প্লাৱিতা দাসে ৬০০ নম্বৰৰ ভিতৰত ৫৮৮ নম্বৰ (৯৮ শতাংশ) লাভ কৰি ৭ম স্থান দখল কৰে। মেধাৱী ছাত্ৰী গৰাকীয়ে অসমীয়াত ৯৬, ইংৰাজীত ৯৭, সাধাৰণ গণিত ১০০, সাধাৰণ বিজ্ঞান ১০০, সমাজ বিজ্ঞান ৯৫ আৰু উচ্চ গণিতত ১০০  নম্বৰ লাভ কৰি ৭ম স্থান দখল কৰে।  আজি  বাঘমাৰাত ফলাফলৰ খবৰ বিয়পি পৰাৰ লগে লগে এক উখল মাখল পৰিবেশৰ সৃষ্টি হয়। শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে সমদল কৰি প্লাৱিতাৰ ঘৰলৈ গৈ কৃতী ছাত্ৰী গৰাকীক বিদ্যালয়লৈ আদৰি আনে আৰু ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনায়। বিদ্যায়লখনৰ ছাত্ৰ- ছাত্ৰী আৰু শিক্ষকসকলে প্লাৱিকৰ এই কৃতিত্বত আনন্দ প্ৰকাশ কৰে। কৃতী ছাত্ৰী প্লাৱিতাই ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্যৰে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব। তেওঁ সাংবাদিকৰ আগত আশা কৰা মতে ফলাফল লাভ কৰা বুলি উল্লেখ কৰে। কৃতকাৰ্যতা লাভৰ বাবে নিয়মীয়াকৈ অধ্যয়ন কৰি যোৱাৰ কথা উল্লেখ কৰে। কৃতী ছাত্ৰী গৰাকীয়ে কয় যে টিউচনত গুৰুত্ব দিয়াতকৈ ভালকৈ পঢ়াত গুৰুত্ব দিব লাগে। তেওঁ কণিষ্ঠসকলক ভাল ফলাফল কৰাৰ লক্ষ্যৰে অধ্যয়ন কৰাতকৈ জ্ঞান অৰ্জনৰ বাবেহে অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

প্ৰেৰক দিগন্ত দাস

You might also like