নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীস্থিত পদ্ম ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মাৰ নেতৃত্বত গঠিত সমিতিৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা কালি গুৱাহাটীৰ উজানবজাৰস্থিত উত্তৰ পূবৰ বিজেপিৰ মুখ্য কাৰ্যালয় পদ্ম ভৱনত অনুষ্ঠিত হয়। ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সকলো বিষয়ববীয়া, বৰ্ধিত বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য, আমন্ত্ৰিত আৰু বিশেষভাবে আমন্ত্ৰিত সদস্য সকল, গুৱাহাটীৰ অন্তৰ্গত ১২টা মণ্ডলৰ সভাপতিসকল, সাধাৰণ সম্পাদকসকল, ৰাজ্যিক যুৱ মৰ্চাৰ বিষয়ববীয়াসকল আৰু বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়াসকলৰ উপস্থিত থকা কাৰ্যনিৰ্বাহক সভাৰ পতাকা উত্তোলন কৰে জিলা যুৱ মৰ্চাৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মাই। জিলা যুৱ মৰ্চাৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মাই যুৱ মৰ্চাৰ কার্যকৰ্তাসকলক উদ্দেশ্যি দিয়া আদৰণী ভাষণত যুৱ মৰ্চাৰ গুৰুত্ব উল্লেখ কৰাৰ লগতে জিলা যুৱ মৰ্চাৰ নতুনকৈ দায়িত্বপ্ৰাপ্তসকলক শুভেচ্ছা জনাই আৰু আগন্তক দিনত দেশ সেৱাৰ স্বাৰ্থত কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়। ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা সভাত উপস্থিত হৈ যুৱ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি মাৰ্গদৰ্শন আগবঢ়ায়। ভাষণ প্ৰসঙ্গত তেওঁ দলৰ আদৰ্শৰ বিষয়ত আলোকপাত কৰে। ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱই যুৱ মৰ্চাৰ কার্যকৰ্তাসকলক উদ্দেশ্যি দলৰ আদৰ্শৰ লগতে অনাগত দিনত যুৱ মৰ্চাই কেনেদৰে কাম কৰি যাব লাগিব তাৰে উপৰত এক চমু বক্তব্য ৰাখে, বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাসে দিয়া ভাষণত বিজেপিৰ সংঘৰ্ষময় উত্থানৰ সবিশেষ দাঙি ধৰে। ভাষণ প্ৰসঙ্গত সভাপতিগৰাকীয়ে বিজেপিৰ অন্যতম চালিকা শক্তি যুৱ মৰ্চাক আগুৱাই নিয়াৰ বাবে কেতবোৰ পৰামৰ্শ আগবঢ়ায়। ৰাজ্যিক যুৱ মৰ্চাৰ সংবাদ কোষৰ সহ তত্বাৱধায়ক কৌশিক পাল দাসে যুৱ কাৰ্যকৰ্তাক উদ্দেশ্যি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ ওপৰত ভাষণ দিয়ে, ৰাজ্যিক যুৱ মৰ্চাৰ নীতি আৰু গৱেষণা বিভাগৰ তত্বাৱধায়ক জিতাংকুৰ দাসে দলৰ কেতবোৰ নীতি আৰু বিজেপিৰ ইতিহাসৰ উপৰত ভাষণ প্ৰদান কৰে।আজিৰ কাৰ্যনিৰ্বাহক সভাত এখন ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনৰ অসমক ড্ৰাগছৰ বিৰুদ্ধে লোৱা অভিযান, নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এক লাখ চাকৰিত নিয়োগৰ প্ৰস্তাৱ চলোৱা আদি ইতিবাচক কামসমূহক প্ৰস্তাৱৰ জৰিয়তে প্ৰশংসা কৰাৰ লগতে আদৰণি জনোৱা হয়। সভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, উপ সভাপতি তথা জিলা যুৱ মৰ্চাৰ প্ৰভাৰি গৌতম শৰ্মা, উপ সভানেত্ৰী বিজুলী কলিতা মেধি, নীতি আৰু গৱেষণা বিভাগৰ তত্বাৱধায়ক জিতাংকুৰ দাস, মিডিয়া কোষৰ সহ তত্বাৱধায়ক কৌশিক পাল দাস, কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি প্ৰাণ কুমাৰ দাস, বিজেপি গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস, উপ সভাপতি অমৰ জ্যোতি ডেকা, সাধাৰণ সম্পাদকদ্বয় মানস প্ৰতীম দাস আৰু বিজয় পাঠক, সম্পাদক নৱজ্যোতি পাটোৱাৰী উপস্থিত থাকে।

You might also like