নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰশয্যাত ভীষ্মৰ প্ৰতিমূৰ্তি : বকোৰ বাটাকুছিত ভোগালীত সমূহীয়া ভোজ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অসমীয়াৰ বাপতি সাহোন বিহুৰ অন্যতম ভোগালী বিহুৰ উৰুকাৰ দিনা প্ৰতি বছৰে বাটাকুচি গঞা ৰাইজে আয়োজন কৰে ভোগালী বিহুৰ ভোজ। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত জনজাতীয় সম্প্ৰদায়ৰ এলেকা বাটাকুচি গঞা ৰাইজৰ সমুহিয়া ভোজ আৰু বিহুৰ আনন্দত এক নান্দনিক পৰিবেশ সৃষ্টি হৈছে। ইফালে বাটাকুচি গঞা ৰাইজৰ সভাপতি শিৱলাল ৰাভা আৰু সম্পাদক কৌশিক ৰাভাই জনোৱা মতে গঞা ৰাইজৰ মুঠ ৮৩টা পৰিয়ালে সমাজৰ নীতি নিয়মৰ মাজেৰে সমন্বয় সৃষ্টি কৰি পুৰ্ব পুৰুষৰ পৰাই পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ ভোজ খোৱা পৰ্ব চলি আহিছে। বাটাকুচি ৰাইজৰ উৰুকাৰ ভোজ ভাত খোৱা সময়ত আনন্দ উৎসাহ এক সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা। ইয়াৰ যোগেদি সমাজত একতাৰ ভাৱ জাগৃত হয়। বাটাকুচি গঞা ৰাইজৰ উৰুকাৰ ভোজ অনুস্থানত গাওঁ খনৰ সৰবৰহী ব্যক্তি তথা বনগাঁও উন্নয়ণ খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি সিদ্ধাৰ্থ ৰাভা ; যুৱ সমাজ কৰ্মী দীপক কুমাৰ ৰাভা; সাংবাদিক বিষ্ণু ৰাম দাসকে ধৰি বহুকেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।লগতে বাটাকুচি গঞা ৰাইজে উৰুকাৰ ভোজৰ অতিথি সকলোক বিহুৱানেৰে শুভেচ্ছা জনায়। বাটাকুচি গঞা ৰাইজে ভোগালী বিহু উপলক্ষে আয়োজন কৰা উৰুকাৰ আৰু ভেলাঘৰ অথবা মেজিৰ ওপৰত নিৰ্মাণ কৰা বৃহৎ আকাৰৰ পিতামহ ভীষ্মদেৱৰ প্ৰতিমূৰ্তিয়ে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে আৰু পিছ দিনা মেজি দাহন পৰ্ব আকৰ্ষণীয় হয়। ইফালে বিগত বছৰবোৰৰ দৰে এই বেলিও ভালুকঘাটা সোণালীটাৰী গঞা ৰাইজে দিনৰ ভাগতে উৰুকাৰ ভোজ খাই উদযাপন কৰে ভোগালী বিহুৰ পৰম্পৰা। সোণালীটাৰী গঞা ৰাইজৰ উৰুকাৰ ভোজ দিনৰ তিনি বজাতে সামৰণি পৰে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like