পথ দুৰ্ঘটনাত পতিত হৈ শয্যাশায়ী বজালীৰ যুৱকঃ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান পৰিয়ালৰ
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ এক পথ দুৰ্ঘটনাত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হৈ বিগত দুমাহে শয্যাশায়ী হৈ পৰি ৰৈছে বজালীৰ এজন দুৰ্ভগীয়া যুৱক৷
উল্লেখযোগ্য যে বজালী জিলাৰ সদৰ পাঠশালাৰ নিকটবৰ্তী ৰায়পুৰ নিৱাসী ভ্ৰাম্যমাণ নাট্যদল কহিনুৰ থিয়েটাৰত বহুবছৰ ধৰি দৰ্জী হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰি অহা ৰঞ্জিত দাসৰ একমাত্ৰ পুত্ৰ হিতেশ দাস নামৰ ২৬ বছৰীয়া যুৱকজন বিগত প্ৰায় দুমাহ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈছিল৷ স্মৰ্তব্য যে অতি দুখীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ হিতেশে প্ৰায় চাৰি মাহ পূৰ্বে বন্ধন বেংকত নিযুক্তি লাভ কৰি কৰ্মৰত হৈ আছিল যদিও দুৰ্ভাগ্যজনকভাবে দুৰ্ঘটনাটোত পতিত হোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷
গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হিতেশক পৰিয়ালৰ লোকে ততাতৈয়াকৈ সংকটজনক অৱস্থাত বঙাইগাঁও জিলাৰ ল’ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰাই চিকিৎসা কৰাত হিতেশৰ জীৱন ৰক্ষা পৰিল যদিও বিগত দুমাহে একমাত্ৰ বিছনাকে সাৰথি কৰি পৰি ৰৈছে দুৰ্ভগীয়া যুৱকজন৷
এতিয়া যুৱকজনক প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ কিন্তু আৰ্থিকভাবে সম্বল নোহোৱা পৰিয়ালটো এতিয়া উপায়হীন হৈ পৰিছে৷ যুৱকজনৰ মাতৃ কল্যাণী দাসে একমাত্ৰ পুত্ৰৰ আলপৈচান ধৰি এতিয়া ভগৱানৰ ওপৰতে সকলো এৰি দিছে৷ অতি দুখৰ বিষয় যে পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃয়ে মাটি-সম্পত্তি বিক্ৰী কৰিলে, কিন্তু বিছনাতেই পৰি ৰৈছে যুৱকজন৷
হিতেশক উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ চিকিৎসালয়লৈ নিবৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱত ভুগিছে পিতৃ মাতৃয়ে৷ একমাত্ৰ পুত্ৰক এনেদৰে বিছনাতে পৰি ৰোৱা দেখি দেখি ভাগি পৰিছে পিতৃ-মাতৃ । উপায়হীন পিতৃ-মাতৃয়ে একমাত্ৰ পুত্ৰৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কৰযোৰে অনুৰোধ জনোৱাৰ লগতে হিতেশেও মুখ্যমন্ত্ৰীগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে৷
প্ৰেৰক কল্যাণ কলিতা