নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা বীৰ লাচিত সেনাৰ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে বীৰ লাচিত সেনা, অসমৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে দুলীয়াজানৰ বিহুতলী বাকৰিত আয়োজন কৰে কেন্দ্ৰীয় লাচিত দিৱস। ২৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত কাৰ্যসূচীত স্থানীয় শিল্পীসকলৰ গীত-নৃত্য অনুষ্ঠানৰ লগতে দুলীয়াজানৰ বিভিন্ন সাহিত্য-সামাজিক সংস্থাৰ সৈতে জড়িত গণ্য মান্য ব্যক্তিসকলক লৈ এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। দ্বিতীয় দিনালৈ বীৰ লাচিত সেনা, অসমে তৈলনগৰী ৰাজপথত “খিলঞ্জীয়াৰ জাগৰণ যাত্ৰা” শীৰ্ষক শোভাযাত্ৰা উলিয়ায়। এই শোভাযাত্ৰা মুকলি কৰে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা কৰুণজ্যোতি শইকীয়াই। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে বীৰ লাচিত সেনা, অসমৰ সভাপতি হেমন্ত বড়াই আৰু শ্ৰদ্ধা তৰ্পণ কৰে মুখ্য সচিব ৰণ্টু পানীফুকনে। আনহাতে বিয়লিলৈ বীৰ লাচিত সেনাৰ সভাপতি হেমন্ত বড়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। উদ্‌যাপন সমিতিৰ সভাপতি শান্তনু দুৱৰাই উদ্বোধন কৰা মুকলি সভাখনত আদৰণি ভাষণ আগবঢ়াই বীৰ লাচিত সেনা, অসমৰ মুখ্য সচিব ৰণ্টু পানীফুকনে। এই সভাতে দুলীয়াজানৰ পাঁচগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে জয়ন্ত ভূঞা, জিতুল দত্ত, ব্ৰজেন গগৈ, পবিত্ৰ বৰঠাকুৰ আৰু প্ৰণৱজিৎ বড়াক বীৰ লাচিত সেনাই সম্বৰ্ধনা জ্ঞাপন কৰে । ইফালে বিশিষ্ট সম্বৰ্ধিত ব্যক্তি টাইফাকে পণ্ডিত পেইম থি গোঁহাই, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পদ্মভূষণ জাহ্নু বৰুৱা, বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট লেখক ড° দীনেশ বৈশ্য, বিশিষ্ট বিজ্ঞানী সাহিত্যিক ড° মালিনী, অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব ৰমেন্দ্ৰ সুন্দৰ চৌধুৰী, বিশিষ্ট লেখকদ্বয় ফটিক দত্ত গোস্বামী, তপন শৰ্মা, ভাৰতীয় পাঠ বিদ্যা সমাজৰ আজীৱন সদস্য ভাস্কৰ বৰদলৈ প্ৰমুখ্যে কৰি কেইবাগৰাকী অতিথিয়ে অংশগ্ৰহণ কৰা মুকলি সভাখনত “আকৌ শৰাইঘাট” শীৰ্ষক স্মৃতিগ্ৰন্থৰ উপৰি বীৰ লাচিত সেনা, অসমৰ মুখপত্ৰ “হেংদাং” আৰু “সূৰ্য্য উঠা গান” গ্ৰন্হ দুখন উন্মোচন কৰা হয়। এই সভাতে “চেভ অৰুণাচল চেভ ইণ্ডিজিয়াচ” নামৰ সংগঠনটোৰ সৈতে বীৰ লাচিত সেনা, অসমৰ মাজত এক বুজাবুজি চুক্তিও সম্পন্ন হয়। এই চুক্তিপত্ৰত “চেভ অৰুণাচল চেভ ইণ্ডিজিয়াচ”ৰ সভাপতি অধিবক্তা ৰমজিৰ ৰাকচাপ আৰু বীৰ লাচিত সেনা, অসমৰ সভাপতি হেমন্ত বড়াই স্বাক্ষৰ কৰে । এই অনুষ্ঠানতে বীৰ লাচিত সেনা, অসমে ডিব্ৰুগড় জিলাৰ বিভিন্ন ক্ষেত্ৰৰ দুকুৰি গৰাকীৰো অধিক ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰে। সন্ধিয়ালৈ যোৰহাট নকচাৰিৰ গিৱন কুশি-লৱ নাট্যগোষ্ঠীয়ে প্ৰয়াত ডঃ জিন্টু হাজৰিকাৰ দ্বাৰা ৰচিত আৰু বিশিষ্ট নাট্যকৰ্মী তথা নাট্য সংগঠক মুনীন্দ্ৰ গগৈৰ পৰিচালিত “সাঁচিপাতৰ পুথিৰ পৰা মই গমধৰে কৈছো” শীৰ্ষক নাটখনি সফল মঞ্চস্থ কৰে । নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ৰজতকমল বঁটা বিজয়ী পৰিচালক যদুমণি দত্তই।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like