নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে ৰঙিয়াত কামৰূপ আৰক্ষীৰ ৰক্তদান

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : বীৰ লাচিতৰ ৪০০ জন্ম জয়ন্তী উপলক্ষে ১৮ নৱেম্বৰৰ পৰা আৰক্ষী প্ৰশাসনে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ স্বৰূপে আজি ৰঙিয়াত কামৰূপ জিলা আৰক্ষীয়ে এক ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে। ৰঙিয়া মহকুমা প্ৰশাসন তথা চিকিৎসা বিভাগৰ উদ‍্যোগত ৰঙিয়া অসামৰিক চিকিৎসালয়ত আয়োজন কৰা শিবিৰটোত কামৰূপ জিলাৰ ১২খন থানা আৰু ১৩খন আৰক্ষী চকীৰ প্ৰায় ৩০গৰাকী আৰক্ষী বিষয়া, কনিষ্টবল আৰু জোৱানে ৰক্তদান কৰে। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ কৰ্মীয়ে সহযোগ কৰা শিবিৰটোত কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ লগতে বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত কয় যে ৰক্ত দান হৈছে মানুহক জীৱন দান কৰিব পৰা এক মহৎ কাম। মহাবীৰ লাচিতৰ জন্ম জয়ন্তী উপলক্ষে এনে এক মহৎ উদ্দেশ্যে আৰক্ষীয়ে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰে। লগতে মহাবীৰ গৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশ আৰু সমাজৰ হকে কাম কৰাৰ বাবে আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনায় ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like