নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকত মাইক্র’ফাইনেঞ্চৰ চেক বিতৰণ : শিলচৰত অনুষ্ঠিতব্য কেবিনেটৰ বুজ ললে মন্ত্ৰী জয়ন্তমল্লই

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : শুকুৰবাৰে শিলচৰৰ ৰাজীৱ ভৱনত অসম মাইক্র’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১-ৰ অন্তর্গত কাছাৰ জিলাৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰীক আনুষ্ঠানিক ভাৱে চেক বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অনুষ্ঠানত মন্ত্ৰী বৰুৱাই ভাষণত কয়, দ্বিতীয় শ্রেণীৰ হিতাধিকাৰী ঋণী হোৱা অৰ্থাৎ যিসকলে ঋণ পৰিশোধ কৰাত ১ৰ দিনৰ পৰা ৮৯ দিন পর্যন্ত বিলম্ব কৰিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা এই ব্যৱস্থাই ৰাজ্যখনৰ দুর্গত মাইক্র’ফাইনেন্স ঋণীক, বিশেষকৈ মহিলাসকলক সকাহ দিব আৰু তেওঁলোকক ঋণৰ ক্ষেত্রত নিয়মানুৱর্তিতা বর্তাই ৰখাত উদগনি দিব। এই দিনা অনুষ্ঠানত যোৱা ৩০ জুনত মনিপুৰত ভূমিস্খলনত নিহত হোৱা ধীৰেন কুৰীৰ পত্নী মিনতি কুৰীক ২ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰীয়ে। সভাখনত উপস্থিত আছিল বিধায়কত্ৰয় কৌশিক ৰয়, দিপায়ন চক্ৰৱৰ্তী আৰু প্ৰাক্তন বিধায়ক ৰাজদীপ গোৱালা, উপায়ুক্ত ৰোহন কুমাৰ ঝা। ইপিনে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত, হাইলাকান্দি জিলা প্ৰশাসনৰ সহযোগত অসম মাইক্ৰ’-ফাইনেঞ্চ উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। অনুৰূপভাৱে কালি কৰিমগঞ্জৰ মাইক্ৰ’-ফাইনেঞ্চ উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কৰে মন্ত্ৰীয়ে। তদুপৰি হাইলাকান্দি জিলাৰ ৭ নং কাটলিচেৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ জোস্নাবাদ পইন্ট ৱান আদর্শ অংগনবাড়ী কেন্দ্র মুকলি কৰ কৰে তেওঁ। অনুষ্ঠানত তেওঁ কয়,এই অংগনবাড়ী কেন্দ্রবোৰে আমাৰ শিশুসকলৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাত সহায় কৰিব। অনুষ্ঠানত বিধায়ক জাকিৰ হুছেইন লস্কৰ, ছুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, হাইলাকান্দিৰ উপায়ুক্ত নিসর্গ হিভাৰেকে আদি কৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। ইপিনে কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। বৈঠকত ১১ নৱেম্বৰত শিলচৰত অনুষ্ঠিতব্য ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, যোৱা ১৯ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত কেবিনেট বৈঠকত পৰবৰ্তী কেবিনেট বৈঠক শিলচৰত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল। শিলচৰত কেবিনেট বৈঠক অনুষ্ঠিত হ’লে বৰাক উপত্যকাৰ বহুতো গুৰুত্বপূৰ্ণ আঁচনি সন্দৰ্ভত আলোচনা হ’ব। শিলচৰত হ’বলগীয়া কেবিনেট বৈঠকখনে বৰাকৰ ৰাইজ উপকৃত হ’ব বুলি তেওঁ কয়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like