নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় লাচিত দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : হিন্দু যুৱ পৰিষদ, অসম চমুকৈ হাইপাৰ উদ্যোগত কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত কোকৰাঝাৰ জিলা সদৰৰ প্ৰগতি ভৱনত ২৩, ২৪ নবেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় লাচিত দিৱসৰ আজি সামৰণি পৰে। আজি অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সাংস্কৃতিক মহাসভা,অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই। সভা উদ্বোধন কৰি শৰ্মাই লাচিত বৰফুকনৰ সাহস-বীৰত্বৰ কথা স্মৰণ কৰাৰ লগতে ভাৰতীয় সনাতনী সংস্কৃতিৰ এক সুন্দৰ ব্যাখ্যা দাঙি ধৰে। নাজিৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° জীৱন কলিতাই সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশ লৈ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ শুভ ক্ষণত জাতীয় বীৰ গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নাতি দীৰ্ঘ ভাষণত ইতিহাসৰ পৃষ্ঠা লুটিয়াই অসমৰ জাতীয় জীৱনলৈ লাচিত বৰফুকন আৰু আহোমৰ অৰিহণাৰ কথা ব্যাখ্যা কৰি কয় যে লাচিত বৰফুকন প্ৰকৃততে জাতিৰ স্বাভিমান । অসমৰ বৰ্ণাঢ্য সংস্কৃতিক অধিক সমৃদ্ধিশালী কৰি সকলো জাতি-জনগোষ্ঠীৰ উত্তৰণৰ মাজেৰে ঐক্যবদ্ধ ভাৱে অসমৰ জাতীয় জীৱনক আগুৱাই নিয়াত সহযোগ কৰিবলৈয়ো তেওঁ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়। হিন্দু যুৱ পৰিষদ,অসমৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই আমাৰ দেশত সম্প্ৰতিও মোগলৰ আগ্ৰাসনৰ চেষ্টা চলি থকা বুলি মন্তব্য কৰি কয় যে এই আগ্ৰাসনক আমি বীৰ লাচিতৰ দৰেই ওফৰাব লাগিব। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানতে নিতু শৰ্মা (টিহু, নলবাৰী), ধীৰেন মহলীয়াকে ( খৈৰাবাৰী, ওদালগুৰি) ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় সংগঠনটোৱে । হাইপাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিৰিঞ্চি গোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাত হিন্দু যুৱ পৰিষদ, অসমৰ উপদেষ্টা বিশ্বজিৎ পাটৰ, পাব্লিক প্ৰেছৰ কাৰ্যবাহী সম্পাদক মনোজ কুমাৰ গগৈ, বড়োলেণ্ড সাংবাদিক সন্থাৰ উপদেষ্টা নৱ কুমাৰ ডেকা, বিশিষ্ট সংগীত শিল্পী দিলীপ দাস, হিন্দু যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপ জ্যোতি দুৱৰা, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বিকৰায় নাৰ্জাৰী, সম্পাদক অসীম নাগ প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like