নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত স্বাস্থ্যৱান শিশুৰ বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন

বিশেষ বাৰ্তা, ৮ আগষ্ট: চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত আয়োজিত এখন সভাত আজি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে যোৰহাট লোকসভা সমষ্টিভিত্তিত নিৰ্বাচিত নগৰাকী শিশুক স্বাস্থ্যৱান শিশুৰ বঁটা প্ৰদান কৰে। এই উপলক্ষে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাত নিজৰ ভাষণ প্ৰসংগত বিধায়ক কোঁৱৰে কয় যে “শিশুসকল হ’ল আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকক স্বাস্থ্যবান কৰি ডাঙৰ-দীঘল কৰাটো প্ৰতিজন পিতৃ-মাতৃৰে দায়িত্ব। এইক্ষেত্ৰত সমাজ কল্যাণ বিভাগে স্বাস্থ্যবান শিশুৰ বঁটা প্ৰদানেৰে শিশু তথা পিতৃ-মাতৃসকলক উৎসাহিত কৰাটো এক ইতিবাচক পদক্ষেপ।” সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰে। সভাখন আঁত ধৰে পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই। চৰাইদেউ জিলাৰপৰা এইবৰ্ষত স্বাস্থ্যবান শিশুৰ বঁটাৰ বাবে নিৰ্বাচিত শিশুসকল হ’ল ক্ৰমে: বৰ্ণিল সোণোৱাল, নিলয় গগৈ, মানবী টুৰী, অমন কৰ্মকাৰ, বৰষা ভূমিজ, ৰিয়াঞ্চ চুতীয়া, গৰীয়সী গগৈ, দেৱাশিষ ডেকা আৰু আয়ান আলি। তেওঁলোকক একোখনকৈ মানপত্ৰ, এটি গছৰ পুলি, শুকান ফল-মূল, ৰং পেঞ্চিল, বহী, একোখন জাতীয় পতাকা আৰু একোখন গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, সহকাৰী আয়ুক্ত সুপ্ৰভা ৰয়, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ছৈয়দ তৌফিক হুছেইন, জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানা, সাপেখাতী, অভয়পুৰ আৰু লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াত্ৰয় ক্ৰমে মৌচুমী গগৈ, মিৰান্দা সোণোৱাল আৰু সুপ্ৰিয়া বৰদলৈ, মুখ্য সেৱিকাবৃন্দ, পোষণ অভিযান আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ কৰ্মচাৰী প্ৰমুখ্যে ভালেসংখ্যক অংগনবাড়ী কৰ্মী আৰু শিশুৰ অভিভাৱকসকল উপস্থিত থাকে।

প্ৰেৰক দীপাংকৰ পাল

You might also like