নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ মৰিয়নি প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ সামৰণী অনুষ্ঠান আজিৰে পৰা পাঁ‌চ দিনীয়া কাৰ্য্যসূচীৰে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ শৈক্ষিক সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে। পুৱা মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্তই তোৰণ উন্মোচনেৰে কাৰ্য্যসূচী মুকলি কৰাৰ অন্তত কাৰ্য্যালয় উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি দীপক দত্তই। আনহাতে, প্ৰতিষ্ঠাপক সম্পাদক জয়দ্বীপ বুঢ়াগোঁ‌হায়ে স্মৃতি তৰ্পন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই গ্ৰন্থমেলা উদ্বোধন কৰে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই। শৈক্ষিক সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকনে। মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই গছপুলি ৰোপণ কাৰ্য্যসূচী আৰম্ভ কৰে। আনহাতে, ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত চিত্ৰাংকণ প্ৰতিযোগিতা মুকলি কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী বিমান বৰবৰাই। চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে মৰিয়নি মহাবিদ্যালয়ৰ উদ্ভিদবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড° ভাস্কৰ বুঢ়াগোঁ‌হাইক দায়িত্ব অৰ্পন কৰা হয়। প্ৰতিযোগিতা উদ্বোধন কৰি শিক্ষাবিদ বিমান বৰবৰাই ছাত্ৰ ছাত্ৰীসকলক যিকোনো প্ৰতিযোগিতাৰ বাবে মানসিক ভাৱে সাজু হ’বলৈ আহ্বান জনায়। অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁ‌হাই আৰু কমনৱেলথ গেমছৰ স্বৰ্ণ পদকজয়ী নয়নমনি শইকীয়াৰ উদ্ধৃতি দি বৰবৰাই কয়- সফলতা একেদিনাই নাহে। সফলতাৰ বাবে সাধনা লাগিব। সাধনা কৰিলেহে সফলতা আহিব বুলি তেওঁ উল্লেখ কৰে । ইয়াৰ পিছতে মঞ্চ উদ্বোধন কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মঞ্চ উদ্বোধন কৰি বিধায়ক কুৰ্মীয়ে মৰিয়নি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত সকলোলৈকে শুভকামনা জ্ঞাপন কৰাৰ লগতে মৰিয়নিৰ সংবাদকৰ্মীসকলৰ শলাগ লয়। মৰিয়নিৰ বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত মৰিয়নিৰ সংবাদকৰ্মীসকলৰ ভূমিকা আছে বুলি উল্লেখ কৰি মৰিয়নিৰ সমস্যাসমূহৰ সন্দৰ্ভত সজোৰে মাত মাতি আহিছে বুলি মন্তব্য কৰে। আনহাতে, স্মৃতি তৰ্পন কৰি প্ৰতিষ্ঠাপক সম্পাদক জয়দ্বীপ বুঢ়াগোঁ‌হায়ে প্ৰতিষ্ঠাৰ সময়ৰ কথা সুঁ‌ৱৰি আৱগিক হৈ পৰে।মৰিয়নি প্ৰেছ ক্লাৱৰ সম্পাদক দিব্যজ্যোতি শইকীয়াই আঁ‌ত কাৰ্য্যসূচীসমূহত মৰিয়নি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, বিশিষ্ট সমাজকৰ্মী মৃদুল দলৈ, মৰিয়নি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্য্যবাহী সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত, জ্যেষ্ঠ ব্যক্তি দীপেন ফুকন, মৰিয়নি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি মনোজ কুমাৰ শৰ্মা, জ্যেষ্ঠ শিক্ষক প্ৰিতম কুমাৰ শইকীয়া, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগাঠানিক সম্পাদক পবিত্ৰ প্ৰাণ বৰঠাকুৰ, কৃতী শিক্ষক নগেন গগৈ, সমাজকৰ্মী অৰুন বেৰিয়া, কিংশুক মহিলা চ’ৰাৰ সদস্যাবৃন্দ, মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰতিনিধি আদি উপস্থিত থাকে । সন্ধিয়ালৈ অনুষ্ঠিত সাংস্কৃতিক কাৰ্য্যসূচী মুকলি কৰে বিশিষ্ট শিল্পী তৰুণ শইকীয়াই। ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিয়নি প্ৰেছ ক্লাৱে বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰাত তেওঁ প্ৰেছ ক্লাৱৰ শলাগ লয় । সাংস্কৃতিক অনুষ্ঠানত মৰিয়নিৰ কেবাগৰাকীও উদীয়মান শিল্পীয়ে অংশগ্ৰহণ কৰে। কাইলৈ পুৱা ছাত্ৰ ছাত্ৰীৰ মাজত বাতৰি লিখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দুপৰীয়া মহিলাৰ দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ কবিতাৰ অনুষ্ঠান শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হ’ব। সমূহ কাৰ্য্যসূচীত ৰাইজৰ অংশগ্ৰহণ উদযাপন সমিতিৰ সভাপতি দীপক দত্ত, যুটীয়া সম্পাদকদ্বয় প্ৰাঞ্জল পাওগাম আৰু জ্যোতি প্ৰসাদ গগৈয়ে কামনা কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like