নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাৰ দিনতে ধ্বংস হৈছে কংগ্ৰেছঃ মন্ত্ৰী পীযুষ হাজৰীকা

বিশেষ বাৰ্তা, ১৩ জানুৱাৰীঃ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক লৈ বিজেপিৰ মূৰৰ কামোৰণি নাই। এতিয়া কংগ্ৰেছ এআইইউডিএফ লৈ ব্যস্ত আৰু এআইইউডিএফ কংগ্ৰেছক লৈ ব্যস্ত হৈ আছে। দুয়োটা দলে বৰ্তমান মিত্ৰতাৰ খেলখনক লৈ ব্যস্ত হৈ আছে। আমি ৰাইজক লৈ ব্যস্ত হৈ আছোঁ, ৰাইজৰ কাম কৰি আছোঁ, গতিকে আগন্তুক নিৰ্বাচনত আমিয়েই জয়ী হম। আমি অসমৰ ৰাইজৰ লগত আছোঁ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনে-ৰাতিয়ে অসমৰ ৰাইজৰ বাবে কাম কৰি আছে। আমাৰ চিন্তাধাৰা হৈছে অসমক আগুৱাই লৈ যোৱা। ভাৰতবৰ্ষৰ এখন উন্নত ৰাজ্যলৈকে অসমক ৰূপান্তৰিত কৰা। গতিকে আমাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। কংগ্ৰেছ-ইউডিএফক লৈ মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান মুছলমানসকলক লৈ তুষ্টিকৰণৰ প্ৰতিযোগিতাত ব্যস্ত হৈ আছে কংগ্ৰেছ আৰু এআইইউডিএফ। ভূপেন বৰাৰ দিনতে কংগ্ৰেছ ধ্বংস হৈছে। তেওঁৰ নেতৃত্বতে এফাল পৰা একাধিক নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিছে কংগ্ৰেছে। এনেদৰে ধ্বংস হৈয়েই অসমত এদিন কংগ্ৰেছ আৰু এআইইউডিএফ অপ্ৰাসংগিক হৈ পৰিব। ২০২৬ত অসমত চৰকাৰ গঠন কৰা ভূপেন বৰাৰ দাবী অলীক কল্পনা বুলি মত প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ২০২৪ৰ নিৰ্বাচনত অসমৰ ১২টা লোকসভা সমষ্টিত নিশ্চিতভাৱে জয়ী হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে অহাবাৰ বিধানসভা নিৰ্বাচনত ১০০ৰো অধিক আসনত বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।

You might also like