নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শাক–পাচলিৰ জুইছাই দামঃ নিৰ্লিপ্ত প্ৰশাসন-জনপ্ৰতিনিধিকে ধৰি দল–সংগঠন

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ ধুবুৰীৰ বজাৰত শাক–পাচলিৰ ঊৰ্ধগামী মূল্যক লৈ বৰ্তমানে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি মূল্যবৃদ্ধিৰ জুইয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ এই বিষয়টোক লৈ প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধীকে ধৰি স্থানীয় ৰাজনৈতিক–অৰাজনৈতিক দলসমূহেও উদাসীনতা অৱলম্বন কৰাৰো অভিযোগ উঠিছে। বৰ্তমানে ধুবুৰীৰ বজাৰত জলকীয়াৰ খুচুৰা মূল্য কেজি প্ৰতি শতকৰ স্পৰ্শ কৰাৰ বিপৰীতে ফুলকবিৰ দাম কেজিত ১৮০ টকা হৈছে। আনহাতে জিকাৰ দাম হৈছেহি কেজি প্ৰতি ৬০ টকা। অনুৰূপে অমিতাৰ দাম ৪০ টকা/কেজি, কোমোৰা ৩০ৰ পৰা ৫০ টকা (আকাৰ ভেদে), লাও ৪০ৰ পৰা ৬০ টকা কলডিল এটা ৪০ৰ পৰা ৬০ টকা, ভেণ্ডি ৬০ টকা/কেজি, বিলাহী ৮০ টকা/কেজি, পটল ৬০ টকা/কেজি, ভোল ৬০ টকা/কেজি, তিঁয়হৰ দাম হৈছেগৈ কেজি প্ৰতি ৬০ টকা। ইয়াৰ মাজতে আকৌ এসময়ত সমগ্ৰ ৰাজ্যৰ ভিতৰত তুলনামূলক ভাৱে কম দামত সতেজ শাক–পাচলি পোৱা বুলি চৰ্চা থকা ধুবুৰীৰ বজাৰৰ শাক–পাচলিৰ দাম বিগত বছৰবোৰতকৈ এই বেলি অধিক হাৰত বঢ়াৰ কাৰণ কি বুলি স্থানীয় মহল একাংশই এক গুৰুত্বপূৰ্ণ প্ৰশ্নও উত্থাপিত কৰাৰ সমান্তৰালকৈ ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ একাংশ বজাৰত মধ্যভোগী এক চক্ৰ গোপনে সক্ৰিয় হৈ পৰাৰো সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like