নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ জানুৱাৰীত ধুবুৰী জিলা বন্ধ : শ্বাহনৱাজ হুছেইনক আক্ৰমণৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ: গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনৱাজ হুছেইনক আক্ৰমণ কৰা আৰু দোষীক কৰায়ত্ত কৰাৰ দাবীত ২ জানুৱাৰীত ধুবুৰী জিলা বন্ধৰ আহ্বান কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদকে ধৰি ৯টাকৈ জাতীয় সংগঠনে এই বন্ধৰ কাৰ্যসূচীক সমৰ্থন কৰিছিল। কিন্তু নৱবৰ্ষৰ দ্বিতীয় দিন হোৱাৰ প্ৰত লক্ষ্য কৰি এই বন্ধ প্ৰত্যাহাৰ কৰি ৬ জানুৱাৰীত জিলা বন্ধৰ ঘোষণা কৰে। আজি পৰিষদৰ কেন্দ্ৰীয় সম্পাদকে এক সংবাদ মেলযোগে এই ঘোষণা কৰে। সম্পাদকজনে আৰু কয় যে খিলঞ্জীয়াৰ বলিষ্ট কণ্ঠক ৰুদ্ধ কৰাৰ বাবেই দিনৰ পোহৰতে বিলাসীপাৰা মহকুমা আদালতৰ চৌহদত পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনৱাজ হুছেইনক প্ৰাণে মৰাৰ পৰিকল্পনা কৰিছিল। লোৰ ৰোড, মাৰণাস্ত্ৰৰে চাৰি জনীয়া দলে যোৱা ২২ ডিচেম্বৰত আক্ৰমণ কৰি পলায়ন কৰিছিল। দুৰ্বৃত্তৰ দলটোৰ মাষ্টাৰ মাইণ্ড জহিৰুল ইছলামক চিনাক্ত কৰিছিল। এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা সংগঠণ কেইটাই এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। পিছে আজি ৯ উকলি যোৱাৰ পিছতো এজনো দোষীক কৰায়ত্ত নকৰাৰ প্ৰতিবাদত জিলা বন্ধৰ ঘোষণা কৰে। এই কাৰ্যসূচীক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদকে ধৰি এ জে ৱাই চি পি, আক্ৰাছু, আছু, দেশী জাতীয় মঞ্চ, ৰাণীগঞ্জ যুৱ মঞ্চ, নাথযোগী ছাত্ৰ সন্থাকে ধৰি ৯টাকৈ জাতীয় সংগঠনে সমৰ্থন কৰিছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like