নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্ধতালিৰ সীমা চেৰোৱা বদৰুদ্দিনক গৰিহণা ধুবুৰী জিলা মহিলা সমিতিৰ

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ধুবুৰী জিলা মহিলা সমিতিয়ে। কালি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত সাংসদ বদৰুদ্দিন আজমলে কৰা মন্তৱ্যক তীব্ৰ গৰিহণা দিছে সংগঠনটোৱে। মহিলাৰ ওপৰত কৰা সেই মন্তব্য অত্যন্ত অশ্লীল বুলি অভিহুত কৰি সেই মন্তব্য সহ্য কৰা ন’হব বুলি সাংসদগৰাকীক সকীয়াই দিছে সমিতিটোৱে। লগতে অনতিপলমে তেওঁৰ সেই মন্তব্য উঠাই ল’বলৈ দাৱী জনাইছে তেওঁলোকে। নাৰী জাতিক অপমান কৰা মানে সমগ্ৰ জাতিটোকে অপমান কৰা বুলি অভিহিত কৰি নাৰী কেৱল সন্তান জন্ম দিয়াৰ কাৰখানা নহয় বুলিও সাংসদগৰাকীক সকীয়াই দিছে ধুবুৰী জিলা মহিলা সমিতিয়ে। এগৰাকী জনপ্ৰতিনিধী হৈ ইমান নিকৃষ্ট মন্তব্য কৰাটো অত্যন্ত লজ্জাজনক বুলি আখ্যা দি সাংসদগৰাকীৰ বিৰূদ্ধে চৰকাৰক শাস্তিমূলক ব্যৱস্থা ল’বলৈও অনুৰোধ জনাইছে সমিতিয়ে। তদুপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে কৰা মন্তব্য অতিকৈ লজ্জাজনক বুলিও মত প্ৰকাশ কৰিছে মহিলা সমিতিটোৱে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like