নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ বলি হৈ আইচিইউত চিকিৎসাধীন হোষ্টেলৰ আৱাসী

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ পুনৰ এক ভয়ানক ৰেগিঙৰ ঘটনাই জোকাৰি গৈছে নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুনৰ সংঘটিত এনে ভয়ানক অঘটনে বৌদ্ধিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে। উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তি কৰি এদল উদণ্ড যুৱকলৈ ৰূপান্তৰিত হোৱা এই ছাত্ৰসকলৰ প্ৰবৃত্তিয়ে পুনৰ এবাৰ সকলোকে ভবাই তুলিছে। জানিব পৰা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰবাসত কালি নিশা বিশ্ববিদ্যালয়ৰ তিনি ছাত্ৰক অৰ্ধউলংগ কৰি গুৰুলা-গুৰুলকৈ মাৰপিট কৰাত এজন বানিজ্য বিভাগৰ প্ৰথম চেমিষ্টাৰৰ ছাত্ৰ আনন্দ শৰ্মাৰ অৱস্থা অতি সংকটজনক হৈ পৰে। ছাত্ৰ আনন্দ শৰ্মাৰ লগতে মাছ কমিউনিকেচন বিভাগৰ ছাত্ৰ জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতাই ৰেগিং কৰা বৃহৎ ছাত্ৰ দলৰ মাজেৰে কৌশৰে নিজকে অধিক অত্যাচাৰৰ পৰা ৰক্ষা কৰি হোষ্টেলৰ পৰা আঁতৰ হবলৈ সক্ষম হয় যদিও বানিজ্য বিভাগৰ ছাত্ৰ আনন্দ শৰ্মাক অতি গধুৰ বস্তুৰে আঘাত কৰাত ছাত্ৰগৰাকীৰ অৱস্থা অধিক শোচনীয় হৈ পৰে।ফলত ছাত্ৰৰ দলটোৱে আনন্দ শৰ্মাক হোষ্টেলৰ এটা কোঠাত ভৰাই সেই স্থান ত্যাগ কৰে।শেষত সকলো শেষ হোৱা বুলি ভাবি জীৱনৰ চৰম সিধান্ত অনুসৰি আনন্দই হোষ্টেলৰ দুই মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ প্ৰচেষ্টা চলায়।কিন্তু সৌভাগ্যৱশত আনন্দৰ জীৱন ৰক্ষা পৰিল যদিও ৰাজহাড় আৰু মুৰত গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয়।পৰৱৰ্তী সময়ত একাংশ ছাত্ৰৰ সহযোগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত চিকিৎসাৰ বাবে ভৰ্ত্তি কৰে।চিকিৎসালয় কতৃপক্ষই ছাত্ৰগৰাকীৰ অৱস্থা দেখি তাৎক্ষণিকভাৱে আইচিইউত ভৰ্ত্তি কৰে। বৰ্তমানে ছাত্ৰগৰাকীয়ে মৃত্যুৰ সৈতে যুজি থকা বুলি জানিব পৰা গৈছে।আনহাতেদি আন দুগৰাকী ছাত্ৰক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰাপত্তাজনিত কাৰনত হোষ্টেলৰ পৰা আঁতৰাই সুৰক্ষিত স্থানত ৰখা বুলিও জানিব পৰা গৈছে। জানিব পৰা মতে ৰেগিং কৰা উদণ্ড ছাত্ৰৰ দলটোৱে তিনিও ছাত্ৰৰ পৰা মবাইল ফোন কাৰি লৈছিল। কেৱল সিমানেই নহয়,তিনিও ছাত্ৰক অৰ্ধ উলংগ কৰি লৈ চৰ-ভুকু আৰু লাঠি, বিয়েৰৰ বটলৰ দ্বাৰা প্ৰহাৰ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে। আনহাতেদি আনন্দ শৰ্মাৰ পৰিয়ালে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়া বুলি জানিব পৰা গৈছে। ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই জনোৱা অনুসৰি ঘটনাৰ লগত জৰিত কোনো লোকেই পলাই হাৰিব নোৱাৰিব।তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰা হব বুলিও উপাচাৰ্য গৰাকীয়ে সদৰী কৰিছে। এতিয়া বিশ্ববিদ্যালয় কতৃপক্ষই কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া স্বাভাৱিকতেই লক্ষনীয় হৈ পৰিছে।এনে ঘটনাই সমগ্ৰ ডিব্ৰুগড়বাসীক লজ্জানত কৰাৰ লগতে বৌদ্ধিক মহলত ব্যাপক আলোড়নৰ স্বৃষ্টি কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like