নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১০ বছৰীয়া পৰম্পৰাৰে নেহৰুবালিত ভোগালী বিহু : উখল-মাখল নগাঁও

 বিশেষ বাৰ্তা, ১৬ জানুৱাৰীঃ নগাঁৱতো উলহ মালহেৰে অসমৰ হেপাঁহৰ ভোগালী বিহু উদযাপন কৰা হৈছে৷ কালি পুৱা জিলাখনৰ বিভিন্ন স্থানৰ মেজিঘৰত অগ্নিসংযোগ কৰি সকলোৰে মঙ্গলকামনা কৰাৰ পাছত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ জিলাখনৰ পুৰণি আৰু নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুৱালিৰ সদৌ নগাঁও ভোগালী বিহু উৎসৱ এইবাৰ ১৪ জানুৱাৰীৰ পৰা ৫ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৷ চলিত বৰ্ষত ১১০ বছৰ ভৰি দিয়া এই বিহু উৎসৱৰ কালি পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে মেজিত অগ্নি সংযোগ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰূপক শৰ্মাই ৷ ইয়াৰ পিছতেই বিহুৰ জলপাল পৰিবেশন কৰা হয় ৷ দুপৰীয়া অনুষ্ঠিত এক অনুষ্ঠানত বিহু উদযাপন সমিতিয়ে প্ৰকাশ কৰা ভোগালী নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিধায়ক ৰূপক শৰ্মাই ৷ এই অনুষ্ঠানত বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানতে প্ৰায় দুশগৰাকী বিশিষ্ট বৰ্ষীয়ান ব্যক্তিক ভোগালী বিহু উপলক্ষে সম্বৰ্ধনা জনোৱা হয়৷ সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ আজি পুৱাৰ ভাগত লৰা আৰু ছোৱালীৰ চাইকেল চালনা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ দুপৰীয়া ভুপেন্দ্ৰ সংগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিয়লি ভলীবল প্ৰতিযোগিতা ,সন্ধিয়া অসম কুৱৰী বিহুনৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ বিহু উপলক্ষে নেহেৰুৱালিত আত্মসহায়ক গোটৰ মেলা অনুষ্ঠিত হৈছে ৷ বিহু উপলক্ষে নেহেৰুৱালিত এক উদুলিমুদুলি পৰিবেশৰ সৃষ্টি হৈছে ৷ ইপিনে নগাঁৱৰ মাৰোৱাৰী সন্মিলনৰ উদ্যোগত নগাঁও চহৰৰ গোপাল গোশালাত সমন্বয় শীৰ্ষক ভোগালী বিহু উদযাপন কৰা হয় । কালি পুৱা মেজি ঘৰত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে অগ্নি সংযোগ কৰি ভোগালী বিহু উৎসৱৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতেই নগাঁৱৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ৫০ গৰাকী ব্যক্তিয়ে বিহু পতাকা উত্তোলন কৰে৷ মূল পতাকা উত্তোলন কৰে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে৷ দুপৰীয়া মুকলি সভা আৰু সাংস্কৃতিক কাৰ্য্যক্ৰম অনুষ্ঠিত হয় ৷অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আত ধৰে বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যক্ৰম সঞ্চালক অনিল শৰ্মাই ৷ নগাঁও চহৰৰ শিৱনগৰত ২৫ সংখ্যক ভোগালী বিহু উৎসৱ উদযাপন কৰা হয়। ইপিনে আজি জিলাখনৰ মৌখাটি ,জলাহ-যমুনা,কোৱামণি পথাৰ,গোমোঠা গাঁও আৰু শিলঘাটৰ শেনচোৱা পথাৰত পৰম্পৰাগত ভাৱে মহযুঁজ অনুষ্ঠিত কৰা হয়৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গাওসমূহত ৰাইজে উচ্ছাস উদ্দীপনাৰ মাজেৰে ভোগালী বিহুৰ উদযাপন কৰে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like