নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনন্দৰ স্বাস্থ্যৰ উন্নতিত সকলোতে আনন্দ : মূল কালপ্ৰীত ৰাহুল এতিয়াও পলাতক

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ অসমবাসীয়ে কৰা প্ৰাৰ্থনা, পৰিয়ালৰ লোকে কৰা অনেক কষ্ট, চৰকাৰ প্ৰশাসনৰ সহায় আৰু চিকিৎসকৰ দলে লোৱা ভূমিকাৰ অন্তত ক্ৰমাৎ যেন সুস্থ হৈ উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ঘটনাত জীৱন মৃত্যুৰে চিকিৎসালয়ত যুঁজ দি থকা ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা৷ ৰাজহাড়ৰ এটা জটিল অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হোৱাৰ পিছতে লাহে লাহে সুস্থ হোৱাৰ দিশে আনন্দ শৰ্মাৰ স্বাস্থ্য। কালিৰ তুলনাত আজি আনন্দ শৰ্মাৰ স্বাস্থ্য আৰু কিছু উন্নত হৈছে। আজি থেৰাপিষ্টৰ এটা বিশেষজ্ঞ দলে আনন্দ শৰ্মাক বিচনাৰ পৰা উঠা বহা কৰাৰ লগতে হাত ভৰি সঞ্চালন কৰিবলৈ দিয়ে৷ আনহাতে গুপ্তাংগত আঘাত পোৱাৰ পিছত মূত্ৰনলীত যি একোডাল পাই সংৰোপন কৰা হৈছিল সেই পাইপডাল অবিহনে প্ৰস্বাৱ কৰাত অসুবিধা হৈছে নেকি চিকিৎসকে পৰীক্ষা কৰিব বুলি জানিব পৰা হৈছে । তদুপৰি আনন্দ শৰ্মাৰ হিমগ্লবিনৰ পৰীক্ষা কৰা হ’ব লগতে তেজৰ প্ৰয়োজনীয়তাও হ’ব পাৰে বুলি চিকিৎসকৰ পৰা জানিব পৰা গৈছে ৷ কালি খিচিৰি খাবলৈ দিয়া হৈছিল যদিও আজি চিকিৎসকে আনন্দ শৰ্মাক কেৱল পনীয়া খাদ্য গ্ৰহণৰ পৰামৰ্শ দিছে ৷ মাজে সময়ে আনন্দ শৰ্মাই বিষ যন্ত্ৰণাৰ লগতে ভবিষ্যতৰ সপোনবোৰ মৰহি যোৱা আশংকাত আৱেগিক হৈ পৰে যদিও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু অগণন শুভাকাংক্ষী পৰিয়ালৰ লোকে প্ৰদান কৰা মনোবলত যৎকিঞ্চিৎ হ’লেও আনন্দ শৰ্মাৰ মুখত আজি হাঁহি বিৰিঙিছে ৷ আশাৰ সপোন লৈ বিশ্ববিদ্যালয়খনত পঢ়িবলৈ অহা ছাত্ৰজনৰ পিতৃ মাতৃৰ প্ৰতি থকা দায়িত্ববোধৰ কথা কৈ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা বহুজনৰ চকু সেমেকাই তুলিছে বুলিও জানিব পৰা গৈছে। ইফালে বিশ্ববিদ্যালয়ত ৰাজ্য জোকাৰি যোৱা ৰেগিং কাণ্ডৰ মূল কালপ্ৰীত ছুপাৰ ছিনিয়ৰ তথা গুৱাহাটী জে বি কলেজৰ ছাত্ৰ ৰাহুল এতিয়াও পলাতক। কি এনে ৰহস্যজনক কাৰণত ৰাহুল তথা ছুপাৰ ছিনিয়ৰক আটক কৰিব পৰা নাই আৰক্ষীয়ে, সেয়া আশ্চৰ্যজনক। দুগৰাকী অভিযুক্তক ভাৰ্চুৱেলী এণ্টি ৰেগিঙৰ বৈঠকত সাক্ষ্য দিয়াৰ সুযোগ দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কাণ্ডত সচেতন মহল সৰৱ হোৱাৰ সময়ত ৰাহুলৰ ক্ষেত্ৰত কি পদক্ষেপ লয়, সেয়া মাথোঁ সময়ৰ অপেক্ষা।

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like