নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ শিক্ষাবিদ জ্যোতিপ্ৰসাদ চেতিয়াৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ বিশিষ্ট শিক্ষাবিদ, লেখক, কবি তথা দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জ্যোতিপ্ৰসাদ চেতিয়াৰ আজি দুপৰীয়া ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত দেহাৱসান ঘটে। বিগত দিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত ভুগি থকা অৱসৰী শিক্ষাবিদ গৰাকীক কালি হঠাৎ গুৰুতৰ অৱস্থাত ততাতৈয়াকৈ ডিব্ৰুগড়লৈ লৈ যোৱা হয় যদিও আজি দুপৰীয়া চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদ চেতিয়াই শৈক্ষিক ক্ষেত্ৰখনৰ উপৰি মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল । অধ্যক্ষতাৰ পূৰ্বে ৰসায়ন বিভাগৰ মুৰব্বী পদত থাকি শিক্ষকতা কৰা জ্যোতি প্ৰসাদ চেতীয়াই বিজ্ঞান শিক্ষাৰ প্ৰসাৰ, পৰিবেশ সংৰক্ষণ তথা সজাগতাৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছিল। আনহাতে প্ৰয়াত চেতিয়াই বিজ্ঞান বিষয়ক, ধৰ্ম তথা দৰ্শন বিষয়ক কেইবাখনো গ্ৰন্থ – কবিতা পুথি ৰচনা কৰা উপৰি বিভিন্ন কাকত আলোচনীতো তত্ব গধুৰ প্ৰৱন্ধ লিখিছিল । তৈলনগৰী দুলীয়াজানৰ শ্বহীদ কুমুদ নগৰ অঞ্চলটো আধুনিক ৰূপত নিৰ্মাণ কৰাৰ কাণ্ডাৰী জ্যোতিপ্ৰসাদ চেতিয়াই এসময়ত নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতো বিভিন্ন কৰ্মপন্থা হাতত লৈছিল । আজি সন্ধিয়া চেতিয়াৰ মৃতদেহ দুলীয়াজান পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। প্ৰথমে দুলীয়াজান মহাবিদ্যালয়ত অৱসৰী অধ্যক্ষ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত কুমুদ নগৰৰ নিজা বাসগৃহলৈ নিয়া হয়। ইয়াতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষাবিদ গৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰবীন শিক্ষাবিদ জ্যোতিপ্ৰসাদ চেতিয়াৰ মৃত্যুত দুলীয়াজান মহাবিদ্যালয়, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, আটাছু, সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান, দুলীয়াজান প্ৰেছ ক্লাৱ, আপকু ডিব্ৰুগড় জিলা সমিতি, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ আদি বহু অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰয়াত চেতীয়াই সহধৰ্মিণীসহ দুজন পুত্ৰ-বোৱাৰী, এগৰাকী কন্যা তথা বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি গৈছে ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like