নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত হাতী পোৱালিৰ মৃত্যু : সন্ত্ৰাস চলোৱা বন্যহস্তী নিয়ন্ত্ৰণৰ হেতু বনকৰ্মীৰ অভাৱ

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই আহি তিতাবৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি ফুৰা এটা হাতীৰ দলৰ মাজৰ পৰা যোৱা নিশা এটা তিনিমহীয়া হাতী পোৱালিৰ মৃত্যু হয়।বিগত এমাহত তিতাবৰত চতুৰ্থতো হাতীৰ মৃত্যু হয়। উল্লেখ যে যোৱা ৯ অক্টোবৰৰ দিনা তিতাবৰ খৰিকতিয়া ৰেল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যুৰ পাছত পুনৰ এটা হাতী পোৱালিৰ মৃত্যু হয়।যোৱা প্ৰায় তিনিমাহ ধৰি এটা ৫০ জনীয়া হাতীৰ দল তিতাবৰত আহি বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত নিশাৰ ভাগত আতংকৰ পৰিবেশ সৃষ্টি কৰি আহিছে। হাতীৰ এই জাকটোৱে তিতাবৰ নগৰৰ জ্যোতি নগৰ অঞ্চলত খাদ্য বিচাৰি গছ গছনি ভাঙি লণ্ড ভণ্ড কৰি নগৰৰ দাঁতিকাষৰীয়া কাছজান চাহ বাগিচাত আশ্ৰয় লৈছিল।যোৱা নিশা হাতীৰ দলটো দুটা ভাগত বিভক্ত হৈ এটা দল কচুখাট অঞ্চলৰ দিশে যোৱাৰ বিপৰীতে এটা দল কাছজান বাগিচাত ৰৈ যায়।নিশাৰ ভাগত হাতী পোৱালিতো মৃত্যু হোৱাত হাতীৰ দলটোৱে উগ্ৰ ৰূপ ধাৰণ কৰি বহু সংখ্যক চাহ গছ উভালি পেলোৱাৰ লগতে বিদ্যুতৰ খুটাৰ লোহা পৰ্যন্ত বেকা কৰি দিয়ে।হাতী পোৱালীটোৰ মৃত্যুৰ পাছত পুৱতি নিশা হাতীৰ জাকটোৱে ছামগুৰি অঞ্চলত আশ্ৰয় লৈ আছে।কি কাৰণত তিনিমহীয়া হাতীৰ পোৱালীটোৰ মৃত্যু হল জানিব পৰা নাই।বন বিভাগৰ লোক আহি হাতী পোৱালীটোৰ মৰুণোত্তৰ পৰীক্ষা কৰি সৎকাৰ কৰে।আনহাতে হাতীৰ এই জাকটোৱে তিতাবৰত সন্ত্ৰাস চলায় থকাৰ পাছতো বন বিভাগৰ লোকে হাতীৰ জাকটো নিয়ন্ত্ৰণ কৰাত বিফল হৈছে।এই সন্দৰ্ভত বনবিভাগৰ এগৰাকী লোকে জানিব দিয়া মতে হাতীৰ জাকটো নিয়ন্ত্ৰণ কৰিব হলে যিমান বন কৰ্মীৰ প্ৰয়োজন সেই অনুপাতে বনকৰ্মী নাই বুলি জানিব দিয়ে।তেনেস্থলত স্থানীয় ৰাইজে বন মন্ত্ৰী গৰাকীৰ লগতে মুখ্যমন্ত্ৰী গৰাকীক হাতীৰ জাকটো নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ দাবী জনাইছে।

প্ৰেৰক প্ৰণৱজ্যোতি কলিতা

You might also like