বিজনীৰ ডাঙাইগাঁৱত অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনীৰ ডাঙাইগাঁৱত অগপৰ তৰফৰ পৰা পালন কৰা হৈছে প্ৰতিস্থা দিৱস। দক্ষিণ বিজনী শক্তি পৰিষদৰ উদ্যোগত তথা ৩৪নং উত্তৰ অভয়াপুৰী বিধান পৰিষদৰ ভিত্তিত অনুষ্ঠিত কৰা হয় অগপৰ এই প্ৰতিষ্ঠা দিৱস। ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰাম্ভ কৰি বৃক্ষৰোপণ, শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। পিছত ৩৪ নং উত্তৰ অভয়াপুৰী বিধান পৰিষদৰ সভাপতি দিলীপ ৰায়ৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।
মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন বিধায়ক ভূপেন ৰায় উপস্থিত থাকে। আগন্তুক বিধানসভা নিৰ্বাচনত অগপৰ নিজস্ব দৃষ্টিভংগীৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰে প্ৰাক্তন বিধায়কজনে। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা বাহাল থাকিব বুলি কয় ৰায়ে।
নতুনকৈ ভূমিস্থ হোৱা AJP দলে অহা বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে প্ৰাক্তন বিধায়কজনে। উক্ত মুকলি সভাৰ অন্তিম মুহূৰ্তত উপস্থিত হয় বঙাইগাঁৱৰ অগপ বিধায়ক তথা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী।