নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ ফেব্রুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ পৰীক্ষা

বিশেষ বার্তা, ৮ ফেব্রুৱাৰীঃ অহা ২০ ফেব্রুৱাৰীৰ পৰা ২০ মার্চলৈ ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ ৰাজ্যৰ ৮৫৬টাকৈ পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব কলা, বিজ্ঞান, বাণিজ্য শাখাৰ পৰীক্ষা৷ প্রথমবাৰৰ বাবে এহবাৰ ফাইনেল পৰীক্ষাত অৱতীর্ণ হ’ব ৩,৪,৮৬৯ পৰীক্ষার্থী৷ উল্লেখ্য যে ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ বাবে ২০২১ চনত মেট্ৰিক  পৰীক্ষাত এইসকল পৰীক্ষার্থীক উত্তীর্ণ ঘোষণা কৰিছিল ছেবাই৷ একেদৰে ২০২২ চনত এইসকল পৰীক্ষার্থীক পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে উত্তীর্ণ ঘোষণা কৰিছিল শিক্ষা সংসদে৷ সেয়েহে এহবাৰ এইসকল পৰীক্ষার্থীয়ে জীৱনত প্রথমবাৰৰ বাবে অৱতীর্ণ হ’ব ফাইনেল পৰীক্ষাত য’ত কলা শাখাত ২,৭২,৫২৯, বিজ্ঞান শাখাত ৪৭,৪৮৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত অৱতীর্ণ হ’ব ১,৯৪৮গৰাকী৷ ইফালে, পৰীক্ষা সুচাৰুভাৱে সম্পন্ন কৰিবলৈ শিক্ষা সংসদে প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷ ইতিমধ্যে প্রতিটো পৰীক্ষা কেন্দ্রলৈ শিক্ষা সংসদে প্রেৰণ কৰিছে এডমিট কার্ড আৰু পৰীক্ষাৰ উত্তৰ বহী৷ অনুৰূপ ধৰণে অহা সপ্তাহৰ ভিতৰত প্রতিখন জিলাৰ সদৰ থানালৈ প্রশ্নকাকত প্রেৰণ কৰা হ’ব বুলি সদৰী কৰিছে শিক্ষা সংসদে৷ আনহাতে, বিগত বর্ষৰ দৰে এইবেলিও পৰীক্ষা কেন্দ্রত নিষিদ্ধ ম’বাইল, ইলেক্ট্রনিক ঘড়ী, কেলকুলেটৰকে ধৰি ইলেক্ট্রনিক সামগ্রী৷ একেদৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্রতিটো পৰীক্ষা কেন্দ্রত ১৪৪ ধাৰা জাৰি কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে৷ আনহাতে, এইবাৰ পৰীক্ষার্থীসকলক প্রশ্নকাকত পঢ়িবলৈ অতিৰিক্ত ১০ মিনিট সময় দিয়া হ’ব বুলিও ‘নিয়মীয়া বার্তা’ৰ আগত সদৰী কৰে পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে৷ মুঠতে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সাজু হৈছে শিক্ষা সংসদ৷

You might also like