নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ গৰুখুটীত প্ৰদৰ্শিত ১০ টা দৰঙী লোককৃষ্টি

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১১ এপ্ৰিলঃ দৰঙী পুৰাতন লোককৃষ্টি সমুহৰ বিকাশ আৰু সংৰক্ষণৰ বাবে গঠিত কলাকৃষ্টি উন্নয়ন সংঘৰ গৰুখুটী শাখাৰ ব্যৱস্থাপনাত কালি অনুষ্ঠিত হৈ যায়  আঞ্চলিক ভিত্তিত এখনি লোককৃষ্টি সমাৰোহ। গৰুখুটি অঞ্চলৰ ৰাজাপুখুৰী  ৰংগ মঞ্চত অনুষ্ঠিত হোৱা এই কৃষ্টি সমাৰোহত বৃহত্তৰ অঞ্চলটোৰ সুকনানি ওজাপালি, দেওধনী নৃত্য, আইনাম, গোপিনী নাম, বিয়ানাম, চিয়াগীত, নাঙেলি গীত, ঠিয়নাম, চেওচাপৰি নাম, দৰঙী নাগাৰা নাম আদি কৃষ্টিসমূহ পৰিৱেশন কৰা হয়। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শ‌ইকীয়াৰ নেতৃত্বত ক্ৰমে লোকশিল্পী গুৰু ৰত্নকান্ত ডেকা, বিষ্ণুৰাভা বঁটা প্ৰাপক গুৰু দ্ৰোণ ভূঞা, শিল্পী পেঞ্চনাৰ গুৰু ৰাজেন্দ্ৰ নাথ ওজা, তীৰ্থনাথ ওজা, লোকশিল্পী ভদ্ৰকান্ত নাথ, নীলকান্ত ডেকা, দুলুমনি নাথ আদিৰ উপস্থিতিত লোকশিল্পীসকলে কৃষ্টি প্ৰদৰ্শন কৰি পৰিৱেশ মুখৰ কৰি তোলে। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ গৰুখুটী শাখাৰ সভাপতি হংসধৰ নাথ আৰু সম্পাদক দীজেন্দ্ৰ নাথৰ পৰিচালনাত পুৱা বন্তি প্ৰজলন কৰি সমাৰোহ শুভাৰম্ভ কৰে অৱসৰী অধ্যক্ষ উপেন্দ্ৰ কুমাৰ নাথে। সমাৰোহত সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শ‌ইকীয়াই বক্তব্য প্ৰদান কৰি দৰঙী লোককৃষ্টি সমূহ শুদ্ধৰূপত দৰঙী শৈলীৰে জীপাল কৰি ৰাখিবলৈ লোকশিল্পীসকলৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে, সংঘৰ উদ্যোগত আইনাম, বিয়ানাম আৰু চিয়াগীতৰ কৰ্মশালাৰ সফল সামৰণি পৰাৰ পিছত বিভিন্ন শাখাৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে।
You might also like