গোসাঁইগাঁৱত ৩ ট্রাক অবৈধ চুপাৰি জব্দ, আটক ৬
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ গোসাঁইগাঁও সদৰ থানাৰ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি পৰহি নিশা অভিযান চলাই ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ শ্রীৰামপুৰ ভাৰত ডিপোৰ ওচৰতে তিনিখন অবৈধ চুপাৰিভর্তি ট্রাক জব্দ কৰাৰ লগতে ছয়জন লোকক গ্রেপ্তাৰ কৰে৷ গোসাঁইগাঁও সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত পশ্চিমবংগ সীমান্তৱর্তী ৩১ নম্বৰ (গ) ৰাষ্ট্রীয় ঘাইপথৰ ডিপোৰ কাষত আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই দিল্লী অভিমুখে গৈ থকা তিনিখন ট্রাক জব্দ কৰে৷ জব্দ ট্রাককেইখনত আছিল চুপাৰিৰ বস্তা৷ চুপাৰিৰ নথি–পত্রত যথেষ্ট বিসংগতি ধৰা পৰে৷ চুপাৰিসমূহ গুৱাহাটীৰ পৰা দিল্লীলৈ সৰবৰাহ কৰা হৈছিল৷ চুপাৰি বার্মাৰ পৰা আমদানি কৰা হৈছে বুলি আৰক্ষীৰ সন্দেহ৷ আৰক্ষীয়ে চুপাৰিভর্তি পি বি–০৬–এ কে ০১৫৭, ডি এল ১ জি ছি–৫৩২৭, এন এল ০১ এ বি–৫৫৫ৰ নম্বৰৰ ট্রাক তিনিখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনসহ ছয়জনক গ্রেপ্তাৰ কৰে৷