নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাবত সুহৃদ প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : আজি গুৱাহাটী প্ৰেছ ক্লাৱত গুৱাহাটীৰ সুহৃদ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখিকা পৰী কুমাৰী বৰুৱাৰ উপন্যাস ‘ৰৌদ্ৰস্নাতা’, বিনীতা বৰুৱাৰ উপন্যাস ‘মোৰো এটা মন আছে’ আৰু দীপ্তি বৰাৰ কাব্যগ্ৰন্থ ‘নাই যে বন্ধোৱা বাট’ — গ্ৰন্থ কেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে যশস্বী সাহিত্যিক, অস্বিনী বেজবৰুৱা, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ ধ্ৰুৱজ্যোতি দাস আৰু যশস্বী চিত্রশিল্পী, কবি-আবৃত্তিকাৰ মুনীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। লেখক, কবি অনিল ডেকাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সুলেখিকা মালাশ্ৰী বৰা লস্কৰ। গ্ৰন্থ উন্মোচন কৰি আটাই কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মনোজ্ঞ আৰু তত্ত্বগধূৰ ভাষনেৰে গ্ৰন্থ কেইখনৰ ওপৰত সুন্দৰ বিশ্লেষণ আগবঢ়ায়। অনুষ্ঠানত কেইবাগৰাকীও লেখক, সংবাদ কৰ্মী আৰু বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like