নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰৰ হাৱামহল মুখ্যমন্ত্ৰীৰ উপস্থিতিত হস্তান্তৰ ৰাজপৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী : ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগত থকা হাৱামহলক আজি ৰাজহুৱাভাৱে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগলৈ হস্তান্তৰ কৰা হয়। তদুপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ পৰা হেলিকাপ্টাৰযোগে গৌৰীপুৰত অৱতৰণ কৰি পোনে পোনে গৌৰীপুৰৰ হাৱামহলত উপস্থিত হয়। পিছত আজি অনুষ্ঠিত এখন সভাত ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্যসকলকে ধৰি ধুবুৰীৰ উপায়ুক্ত দিবাকৰ নাথ, সাংস্কৃতিক বিভাগৰ সঞ্চালককে ধৰি গৌৰীপুৰৰ বিশিষ্ট লোকসকল উপস্থিত থাকে। সভাত গৌৰীপুৰ ৰাজ পৰিয়ালৰ সদস্যই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজহুৱা ভাৱে ঐতিহাসিক হাৱামহলক আজি ৰাজ্য চৰকাৰক হস্তান্তৰ কৰে। আজি ৰাজ্য চৰকাৰে গৌৰীপুৰৰ ৰাজপৰিয়াললৈ ১৫ কোটি ২০ লাখ ৮২ হেজাৰ টকা ধাৰ্য্য কৰি এক চেক প্ৰদান কৰে। সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০২২-২৩ চনতে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি এই ঐতিহাসিক হাৱামহলক সংৰক্ষণ কৰাৰ বাবে পদক্ষেপ হাতত লৈছে।লগতে প্ৰয়াত প্ৰতিমা বৰুৱা পান্ডেৰ জীৱনৰাজিৰ ওপৰত তেওঁ আলোকপাত কৰি তেওঁৰ অৱদান সম্পৰ্কে বিস্তৃত ভাৱে কয়। প্ৰায় ১২.৫ বিঘা মাটি কলিৰে আগুৰি থকা উক্ত হাৱামহলটোত ২৪টাকৈ কোঠা থকা বুলি জনায়।এই হাৱামহলক ততাতৈয়াকৈ সংগ্ৰহালয়ৰ ৰূপ দিয়াৰ বাবে মন্ত্ৰী বিমল বৰাক এক বছৰ সময় সীমা বান্ধি দিয়ে মুখ্যমন্ত্ৰীয়ে। আনহাতে, উক্ত সভাত আজি গোলকগজ্ঞ চিলাৰায় কলেজৰ প্ৰাক্তন অধ্যাপিকা সবিতা ৰায় প্ৰধানীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ লাখ ২৫ হেজাৰ টকাৰ চেক আগবঢ়ায়।

প্ৰেৰক মোখলেশ ৰহমান

You might also like