নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰজত জয়ন্তী উপলক্ষে উখল-মাখল ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়

বিশেষ বাৰ্তা, ২৫ নবেম্বৰ : প্ৰাক্ স্বাধীনতাৰ কালতে নগাঁও জিলাৰ পূৱ প্ৰান্তৰ বৃহত্তৰ ননৈ অঞ্চলৰ কিছু বিদ্বান, দূৰদৰ্শী, সমাজহিতৈষী ,শিক্ষানুৰগী মহান ব্যক্তিৰ আশাশুধীয়া আৰু ঐকান্তিক প্রচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা জ্ঞান মন্দিৰ স্বৰূপ “ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়” খনে চলিত বৰ্ষত ৭৫ বছৰ সফলতাৰে পূৰ্ণ কৰিলে। বিভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰে অযুত মানৱ সম্পদ সৃষ্টি কৰি দেশ মাতৃৰ সেৱাৰ বাবে উপযোগী কৰি তোলা এই মহান শিক্ষানুষ্ঠানটিৰ ৭৫ বছৰীয়া ক্ষণটি “মহাৰজত জয়ন্তী উৎসৱ”টি আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।অগ্ৰণী শিক্ষানুষ্ঠান খনৰ গৌৰৱজ্বল মহাৰজত জয়ন্তীৰ আজি প্ৰথম দিনা জীপাল হৈ পৰে উঠিছে বিদ্যালয়ৰ প্ৰাংগণ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মহাৰজত জয়ন্তীৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুযায়ী পূৱা ৭৫খন পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়৷বৃহত্তৰ ননৈ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰা হয়৷মহাৰজত জয়ন্তী উপলক্ষে বিদ্যালয়খনত অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়ত্ৰীৰ লগতে দেশ বিদেশত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো উপস্থিত থকা পৰিলক্ষিত হয়৷মহাৰজত জয়ন্তীৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ বিৰল মূহূত্বৰ সাক্ষী হবলৈ পাই অঞ্চলৰ ৰাইজৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী-প্ৰাক্তন ছাত্ৰ ছাত্ৰী,বৰ্তমানৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষক সকলোৱে উৎফুল্লিত হৈ পৰে৷উল্লেখ্য, পূৱা পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে স্মৃতি তৰ্পন,প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, ননৈয়ে ৰিঙিয়াই দৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷উক্ত অনুষ্ঠানত অসমৰ সু চিকিৎসক তথা হাস্যৰসিক বক্তা ড. অঞ্জনজ্যোতি চৌধুৰীৰ ৰসাল বক্তব্যই উপস্থিত সকলোকে আপ্লুত কৰি তোলে৷উদযাপন সমিতিৰ সভাপতি যোগেশ্বৰ শ‌ইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা “ননৈয়ে ৰিঙিয়াই” শীৰ্ষক অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক সঞ্জীৱ কুমাৰ কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।অহাকাইলৈ মহাৰজত জয়ন্তীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অনুষ্ঠিত হব প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন।

প্ৰেৰক কনক হাজৰিকা

You might also like